Breaking

নগাবন্ধা গাঁওপঞ্চায়তত অগপ আৰু বিজেপিৰ বন্ধুত্বত ছিৰাল ফাটত সভানেত্রীৰ সংবাদ মেল

0 1,571

মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিঙত নামিল বিজেপি কৰ্মী । জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক ভয় ,ভ‍বুকী দেখুৱাই ব্লেকমেইলিঙ কৰি বৃহৎ অংকৰ ধনদাবী কৰাৰ  অভিযোগৰ বিষয়ে সভানেত্ৰী গৰাকীৰ  স্বামীয়ে প্ৰকাশ কৰিলে  সাংবাদিকৰ আগত। ইয়াকে লৈ লাহৰীঘাটত  শাসকী মিত্ৰ দল দুটাৰ মজিয়াত সৃষ্টি হৈছে অস্বস্তিকৰ পৰিবেশ । লাহৰীঘাটৰ  বিজেপি কৰ্মী জেহিৰুল ইছলামে অভিযোগ আনিছিল শাসকীয় মিত্ৰদল অগপৰ পঞ্চায়ত সভানেত্ৰী লিলুফা খাতুনে নগাবন্ধা গাঁও পঞ্চায়তত চৰ্তুদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত কমিচন ৰাজ  চলোবাৰ ।  জেহিৰুলে ৰাজহুবা কৰিছিল সভানেত্ৰী গৰাকীৰ স্বাক্ষৰ সম্বলিত এখন নথি ।  সেইখন নথি য’ত লিখা সভানেত্ৰী গৰাকীয়ে  এটা ৬ লাখ টকীয়া চি চি ব্লক ৰাস্তা ৰ্নিমাণৰ কামৰ বিপৰীতে  ১ লখ ৩০ হাজাৰ টকা কমিচন বন্দবস্ত হৈছিল জেহিৰুল আৰু পঞ্চায়ত সভানেত্ৰীৰ মাজত । এই কমিচনৰ চুক্তি খন ৰাজহুবা কৰাৰ পিছতে হাহাকৰ লাগে সভানেত্ৰী লিলুফা খাতুনৰ  । এনেদৰে বিজেপি কৰ্মী জেহিৰুল এনে কাৰ্য ষড়যন্ত্ৰ আখ্যা দি পঞ্চায়ত সভানেত্ৰী গৰাকীৰ স্বামীৰ প্ৰতি অভিযোগ  বিভিন্ন সময়ত জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে ভয় , ভাবুকী দি ধন দাবী কৰি আহিছে ।  এই জন জেহিৰুলে পঞ্চায়তৰ ৰ্দুনীতি ফাদিল কৰাৰ ভাবুকী দি ২ লাখ টকা দাবী কৰিছিল । দাবী কৰা ধন নিদিয়াত পঞ্চায়ত সভানেত্ৰী কাৰ্যালয় পেড চুৰ কৰি নি নিজেই কমিচনৰ চুক্তি খন প্ৰস্ত্তত কৰে । এই সমস্ত ঘটনা সন্দৰ্ভত জেহিৰুলৰ বিৰুদ্ধে লাহৰীঘাট  থানাত ৪১৪ / ২১ এটা গোচৰ পঞ্জীয়ন হৈছে ইতিমধ্যে । উল্লেখ্য যে পঞ্চায়তত  কাম দিয়াৰ বিনিময়ত কমিচন বন্দবস্তিৰ দৰে অনিয়ম এটা এনেদৰে চুক্তিৰ বিষয়টো কিমান গ্ৰহণ যোগ্য । প্ৰকৃত ঘটনা কি , কোন সঁচা কোন মিছা এই সকলোবোৰ আৰক্ষীৰ তদন্তৰ অন্তত হে উত্তৰ উলাব ।

Leave A Reply