Breaking

পানেৰীত প্ৰেছ ক্লাৱৰ শুভ উদ্বোধন

0 2,026

ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা আৰু  কুছুবিল মাজ মজিয়াৰ এক ঐতিহ্য মণ্ডিত ঠাই পানেৰী ।‌‌ স্বাধীনতাৰ আজি ৭৫ বছৰৰ  পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৪ৰ্থ স্তম্ভৰ পানেৰীত পানেৰী প্ৰেছ ক্লাৱ নামাকৰণেৰে গঠণ কৰি কাৰ্যালয় উদ্বোধন কৰে।‌প্ৰেছ ক্লাৱৰ সভাপতি হিছাবে মিৰাজুল হুছেইন আৰু সম্পাদক হিছাবে চিন্ময় শৰ্মা লৈ গঠন কৰা পানেৰী প্ৰেছ ক্লাৱটি আজি বুধবাৰে পানেৰী প্ৰেছ ক্লাবৰ কাৰ্যালয়টি শুভ উদ্বোধন কৰে বিটিচি কাৰ্যকৰী সদস্য সঞ্জীৱ তাঁতিয়ে।তাৰা নাথ কলিতা  প্ৰাক্তন সভাপতি  ওদালগুৰি জিলা সাহিত্য সভা সভাপতিত্ব সন্জিত তাঁতি কাৰ্য্যবাহী সদস্য বিটিচি, অৰ্পনা মেধি  সদস্য বিটিচি,নীলধৰ ডেকা প্ৰাক্তন অধ্যক্ষ পানেৰী উচ্চতৰ মাধ্যমিক  বিদ্যালয়, সন্জীব টেৰান ভাৰপ্ৰাপ্ত বিষয়া পানেৰী আৰক্ষী থানা, বাপন শৰ্মা সাংবাদিক নিয়মীয়া বাৰ্তা,   ফতীক ৰাভা সাংবাদিক দৈনন্দিন ব‍ৰ্তা, অৰবিন্দ শৰ্মা আক্ৰাছু, আছা, আটছা, আছু লগতে বহু সংখ্যক দল-সংগঠনৰ বিষয়-ববীয়াৰ উপস্থিত পানেৰী প্ৰেছ ক্লাৱৰ শুভ উদ্বোধনী সভা অনুস্থিত হয়।

উদ্বোধনৰ ভাষনেৰে উদ্বোধক তান্তিয়ে ভাৰতীয় স্বাধীননতা আন্দোলনত সক্ৰিয় ভুমিকা লোবা সংবাদ সেবী সকলক স্মৃতি ৰোমান্থন কৰাৰ লগতে নিকা-স্বচ্ছ  বাতৰি পৰিবেশণৰ দিহা পৰামৰ্শ আগবঢ়াই লগতে তেওঁৰ কাৰ্যকালৰ সময়তে প্ৰেছ  ক্লাৱৰ স্হায়ী কাৰ্যলয়ৰ ব্যৱস্হা কৰি‌দিয়াৰ আশ্বাস দিয়াৰ লগতে বহু লোকে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে য়ে স্বাধীনতাৰ ৭৫বছৰৰ পিছত পানেৰীত আজিৰ দিনটোক সোণালী দিন বুলি অভিহত কৰে, সাংবাদিক সেবা গণতন্ত্ৰৰ ছতুৰ্থ স্তম্ভ যদিও আজিৰ সমাজত এক সন্দেহৰ ভাব সৃষ্টি কৰিছে বিশেষকৈ সেবা মনোভাব আৰু নৈত্যিকহীনতা সাংবাদিক বৃত্তি লোৱাৰ বাবে, সেয়ে সাংবাদিক সকলকৰ সমাজৰ জনগণৰ সতে এক নিবিড়-মধুৰ সম্পৰ্কৰে দায়বদ্ধতাৰ লগতে সেৱাৰ মনোভাৱেৰে নিজৰ কৰ্ত্তব্য  কৰিবলৈ আৰু যুৱ প্ৰজন্মক নিছা জাতীয় দ্ৰব্যৰ পৰা আতৰাই ৰক্ষাত সাংবাদিক সকলৰ দায়িত্ব  গধুৰ বুলি উনুকিয়াই। 

Leave A Reply