Breaking

নলবাৰীত ৰহদৈ কালচাৰেল গ্ৰুপৰ উদ্যোগত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন সন্দৰ্ভত সংবাদমেল…

0 63

নলবাৰীৰ ৰহদৈ কালচাৰেল গ্ৰুপৰ উদ্যোগত অহা ২৫ ডিচেম্বৰত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এই সন্দৰ্ভত আজি সন্ধিয়া নলবাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয় ।  নলবাৰীৰ ঐতিহ্যমণ্ডিত নাট্য মন্দিৰত সিদিনা ৰাতিপুৱা ৯ বজাৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হব। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত বিশিষ্ট অভিনেতা ধীৰেন কুমাৰ বৰ্মনে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব ।

তদুপৰি ৯ বজাত মঞ্চ উদ্ধোধন কৰিব অনাতাঁৰ শিল্পী হিৰন্ময়ী কলিতাই। ৰহদৈ কালচাৰেল গ্ৰুপৰ সভানেত্ৰী বিজু দাস,উপ সভানেত্ৰী নিৰুপমা গোস্বামী শৰ্মা, সম্পাদিকা পাপৰি কলিতা আৰু সহকাৰী সম্পাদিকা  গীতুমনি বৰুৱাই এক বিবৃতি যোগে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপ্তক কৃষ্ণ প্ৰসাদ দাসৰ সোঁৱৰণত নগদ ১০,০০১টকা, দ্বিতীয় স্থান প্ৰাপ্তক দিপীকা শইকীয়াৰ সোঁৱৰণত নগদ ৭,০০১টকা আৰু তৃতীয় স্থান প্ৰাপ্তক হৰেন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণত ৫,০০১ টকা প্ৰদান কৰা হব।

ইয়াৰ উপৰি হেমলতা সাউদ,নগেন্দ্ৰ নাথ কলিতা আৰু মহেন্দ্ৰ নাথ দাসৰ সোঁৱৰণত বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হব। উল্লেখ্য যে প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ৫০০ টকা।তদুপৰি সমিতিৰ তৰফৰ পৰা বাদ্য সংগীতকাৰীৰ ব্যৱস্থা কৰা হব।

আনহাতে কোনো অনাতাঁৰ শিল্পীয়ে প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলিও বিবৃতিটোত উল্লেখ কৰিছে ।ইচ্ছুক অংশগ্ৰহনকাৰী সকলে প্ৰতিযোগিতাৰ আধা ঘন্টা আগত নাম পঞ্জীয়ন কৰাৰ উপৰিও আগতীয়াকৈ ৮৬৩৮০২৩০৪৯/৯৮৬৪৬৭১৫৫৮ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে । 
ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply