জি-৭ সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নেতাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ…

ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তুৰস্ক, ইউ এ ই, ব্ৰাজিল আৰু জৰ্ডানৰ নেতাসকলৰ সৈতে শুকুৰবাৰে বাৰ্তালাপ কৰে। লগতে তেওঁলোকৰ সৈতে ফটোও উঠে। প্ৰধানমন্ত্ৰী মোদীয়ে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ টাইপ এৰ্দোগান, ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে এক আনন্দদায়ক বাৰ্তালাপ কৰে। আনহাতে, চাৰিওগৰাকী নেতাই কেমেৰাৰ বাবে প’জ দিয়ে আৰু সন্মিলনতো এখন ফটো উঠে। এই ফটো প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি লিখিছে, “ইটালীত বাৰ্তালাপ অব্যাহত আছে… ৰাষ্ট্ৰপতি লুলা, ৰাষ্ট্ৰপতি এৰ্দোগান আৰু তেওঁৰ মহামান্য শ্বেখ বিন জায়েদৰ সৈতে আনন্দদায়ক কথোপকথন হয়।”ইয়াৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহকো সাক্ষাৎ কৰে। “জি-৭ সন্মিলনৰ সময়ত ৰজা আব্দুল্লাহকো সাক্ষাৎ কৰো। ভাৰতে জৰ্ডানৰ সৈতে শক্তিশালী সম্পৰ্কক গুৰুত্ব দিয়ে ।” তেওঁ এক্সৰ এটা পোষ্টত লিখিছে।

উল্লেখ্য যে, জি-৭ সন্মিলনলৈ ভাৰতক অতিথি দেশ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । এই গোটত সাতখন সদস্য দেশ আমেৰিকা, ব্ৰিটেইন, কানাডা, জাৰ্মানী, ইটালী, জাপান আৰু ফ্ৰান্সৰ লগতে ইউৰোপীয় ইউনিয়নৰ অংশগ্ৰহণ আছে । আনহাতে, ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিয়ে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকে ধৰি বিশ্ব নেতাসকলক গ্ৰুপ অব ছেভেনৰ (জি-৭) ৫০ সংখ্যক সন্মিলনলৈ আদৰণি জনায়।উল্লেখ্য যে, মেলোনীয়ে প্ৰধানমন্ত্ৰী মোদীক ইটালীৰ আপুলিয়া অঞ্চলত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল এইটো হৈছে ভাৰতৰ ১১ নম্বৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ জি-৭ সন্মিলনত একেৰাহে পঞ্চম অংশগ্ৰহণ। আনহাতে, জি-৭ সন্মিলনৰ প্ৰচাৰ অধিৱেশনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা ইটালী হৈছে ইউৰোপীয় ইউনিয়নত ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। এই দুই দেশৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমান ১৫ বিলিয়ন আমেৰিকান ডলাৰ।

Related Articles