শপত গ্ৰহণৰ পিছত আজি ইটালীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ শপত গ্ৰহণ কৰাৰ পিছত আজি ইটালীলৈ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ’ব। তাত তেওঁ গ্ৰুপ অৱ চেভেন (জি৭)ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে মোদীক আমন্ত্ৰণ জনাইছে। সেই মৰ্মে মোদীয়ে ১৩ আৰু ১৪ জুনত জি-৭ৰ বৈঠক উপস্থিত থকাৰ কথা। ১৩ জুনত তেওঁ ৰোমলৈ উৰা মাৰিব। ১৫ জুনত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশলৈ উভতি অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনী বিজয়ৰ বাবে অভিনন্দন জনোৱা বিদেশৰ বহু নেতা-নেত্ত্ৰীৰ ভিতৰত আছিল মেল’নীও। মেল’নীয়ে ইটালী আৰু ভাৰতৰ মাজত সহযোগিতা দৃঢ় কৰাৰ বিষয়ত আস্থা প্ৰকাশ কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা দৃঢ় বন্ধনৰ বিষয়তো তেওঁ আলোকপাত কৰিছে। ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি ভাৰত-ইটালীৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ বুলি কৈছিল। জি ৭ৰ বৈঠকত সাতখন সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ লগতে ইউৰোপীয় সংঘক প্ৰতিনিধিত্ব কৰা ইউৰোপীয় পৰিষদৰ সভাপতি আৰু ইউৰোপীয় আয়োগৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ফ্ৰান্সৰ ইমানুৱেল মেক্ৰন, জাপানৰ ফুমিঅ’ কিছিছা, আৰু জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্ব’লজে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে দক্ষিণ পুগলিয়া অঞ্চলত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব বিনয় কোৱাট্ৰা আৰু এন এছ এ অজিত ডোভালকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল থাকিব। ইটালী ভ্ৰমণ সমাপ্ত কৰাৰ পিছত মোদীয়ে নেপাল ভ্ৰমণ কৰিব পাৰে।ইউৰোপীয় সংঘৰ অংশগ্ৰহণেৰে ইটালী, কানাডা, ফ্ৰান্স, জাৰ্মানী, জাপান, ব্ৰিটেইন, আৰু আমেৰিকাই জি৭ৰ বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ উপৰি ইটালীয়ে আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১১খন উন্নয়নশীল দেশৰ নেতাক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে।

Related Articles