Breaking

খানাপাৰাৰ পৰা অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ! অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস, উদ্বোধন…

0 28

প্ৰধানমন্ত্ৰীয়ে দেশক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে গঢ়াৰ অংগীকাৰ গ্ৰহণ কৰে। ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্প। ভাৰতৰ এই বিকাশত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰো ভূমিকা অনন্য বুলি উল্লেখ কৰে। অসমৰ এনে বিকাশৰ বাবে তেওঁ অসমবাসীক অভিনন্দন জনায়।

দেশৰ ২ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্যক বৃদ্ধি কৰি ৩ কোটিলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ মহিলাও লাখপতি হোৱাৰ কথা উল্লেখ।

দেশত এতিয়া পৰ্যটন আৰু তীৰ্থ যাত্ৰাৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ। যোৱা এটা বছৰত কেদাৰনাথ ১৯ লাখ, ৮ কোটি লোকে কাশী ভ্ৰমণ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ২৪ লাখ ভক্তই ভ্ৰমণ কৰিছে। কামাখ্যা কৰিড’ৰ নিৰ্মাণ কৰাৰ পাছত কামাখ্য়াতো এনে এক পৰিৱেশ সূচনা হোৱাৰ আশা প্ৰধানমন্ত্ৰীগৰাকীৰ।

Leave A Reply