Breaking

‘মন কি বাত’ অনুষ্ঠানত ‘মেৰী মিট্টি মেৰা দেশ’ কেম্পেইনৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

0 38

প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত ভাষণ প্ৰদান কৰে। দেওবাৰে ‘মন কি বাত’ৰ ১০৩ তম খণ্ডত নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে।

স্বাধীনতাৰ ৭৫ বছৰত দেশৰ হৈ প্ৰাণ আহুতি দিয়া ছহিদ সকলক সম্বৰ্ধনা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে ‘মেৰী মিট্টি মেৰা দেশ’ নামৰ এক অভিযান। অভিযানত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰি দেশৰ ছহিদ সকলক সন্মান জনোৱাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ।

মন কী বাতত মোদীয়ে কয় যে দেশৰ সকলো প্ৰান্তৰ পৰা ৭৫০০ টা টাবত মাটি সংগ্ৰহ কৰা হ’ব।

সেই মাটি মিহলি কৰি গছ পুলি ৰোপণ কৰা হ’ব। মোদীয়ে লগতে কয় যে এনেদৰে যুদ্ধ স্মৃতিসৌধৰ সমীপত অমৃত ভাটিকা নিৰ্মাণ কৰা হ’ব।

Leave A Reply