ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ আলোচনাত মিলিত হ’ল জেলেনেস্কী, মেক্ৰণৰ সৈতে…

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতে ইটালীলৈ উৰা মাৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু জেলেনেক্ৰীৰ সৈতে সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু জেলেনেস্কীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ নানা বিষয়ত আলোচনা কৰে। বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপ সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাক আলিংগন কৰা দেখা যায়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ এটা পোষ্টত লিখিছে যে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ, জলবায়ু আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে দুয়োগৰাকী নেতাই মুখ্য গোলকীয় আৰু আঞ্চলিক বিষয়বোৰৰ ওপৰত মত-বিনিময় কৰে। কৌশলগত অংশীদাৰিত্বক নতুন স্তৰলৈ লৈ যোৱা এই বৈঠকৰ উদ্দেশ্য আছিল বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জি ৭ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে নিশা (স্থানীয় সময় অনুসৰি) ইটালীৰ আপুলিয়াত উপস্থিত হয়৷য’ত ভাৰতক প্ৰচাৰ দেশ হিচাপে আমন্ত্ৰণ জনোৱা হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠকৰ পিচত তেওঁ ঋষি সুনাক আৰু জি-৭ৰ নেতা জিঅ’ৰ্জিয়া মেলনিকে ধৰি বিশ্বৰ অন্যান্য নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইটালীত উপস্থিত হোৱাৰ পিচতে বিমানবন্দৰত ইটালীস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বাণী ৰাও আৰু অন্যান্য বিষয়াসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বিবৃতিত কৈছিল যে একেৰাহে তৃতীয়বাৰৰ বাবে জি-৭ সন্মিলনৰ বাবে ইটালীত উপস্থিত থাকিবলৈ পাই তেওঁ আনন্দিত। তেওঁৰ পূৰ্বৰ ইটালী ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে। এয়া ভাৰতৰ ১১ সংখ্যক আৰু জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চম অংশগ্ৰহণ।

Related Articles