Breaking

প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি

0 89

অহা ২৪ আৰু ২৫ এপ্ৰিলত ৰাজ্যখন ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আত্মঘাতী বোমা আক্ৰমণৰ ভাবুকি দিয়া এখন পত্ৰৰ তদন্ত আৰম্ভ কৰিছে কেৰালা আৰক্ষী আৰু কেন্দ্ৰীয় সংস্থাসমূহে।

কোচিৰ এজন বাসিন্দাই লিখা বুলি কোৱা মালয়ালম ভাষাৰ পত্ৰখন বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনৰ কাৰ্যালয়ত লাভ কৰিছিল যিয়ে পাছলৈ যোৱা সপ্তাহত আৰক্ষীক গতাই দিছিল।

এডিজিপি (চোৰাংচোৱা)ৰ এক প্ৰতিবেদন সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতে আজি এই ভাবুকি পত্ৰৰ খবৰ ওলাইছে। এই খবৰ ওলোৱাৰ লগে লগে সুৰেন্দ্ৰনে সংবাদ মাধ্যমক সাক্ষাৎ কৰি কয় যে তেওঁ এসপ্তাহ পূৰ্বে ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ হাতত ভাবুকি পত্ৰখন গতাই দিছিল।

চোৰাংচোৱা প্ৰতিবেদনত কোৱা হৈছে যে যোৱা সপ্তাহত কেৰালাৰ বিজেপি ৰাজ্যিক সমিতিৰ সভাপতিয়ে মালয়ালম ভাষাত লিখা এখন পত্ৰ লাভ কৰিছিল য’ত আত্মঘাতী বোমাৰু ব্যৱহাৰ কৰি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল।

পত্ৰখনৰ সত্যতা আৰু ইয়াৰ আঁৰৰ ব্যক্তিৰ ওপৰতো তদন্ত চলি আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

সুৰেন্দ্ৰনে অভিযোগ কৰে যে আৰক্ষীৰ পৰা “চোৰাংচোৱা প্ৰতিবেদন ফাদিল” হোৱাটো এটা গুৰুতৰ ভুল আৰু ইয়াৰ তদন্ত কৰা উচিত। ৪৯ পৃষ্ঠাৰ এই প্ৰতিবেদনত কৰ্তব্যৰত বিষয়াসকলৰ নাম, তেওঁলোকৰ ভূমিকা, প্ৰধানমন্ত্ৰীৰ বিশদ কাৰ্যসূচীৰ তালিকাৰ লগতে অন্যান্য বিষয়সমূহৰ সবিশেষ উল্লেখ কৰা হৈছে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণেও এডিজিপি (চোৰাংচোৱা)ৰ প্ৰতিবেদন ফাদিল হোৱাৰ অভিযোগক তীব্ৰ সমালোচনা কৰি কয় যে এয়া এক গুৰুতৰ বিষয়।

মুৰলীধৰণে অভিযোগ কৰে যে, “প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ সবিশেষ সম্পৰ্কীয় প্ৰতিবেদন কেনেদৰে ফাদিল হৈ হোৱাটছএপত ভাইৰেল হ’ল সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে বুজাব লাগে। ইয়াৰ অৰ্থ হ’ল ৰাজ্যৰ গৃহ বিভাগ ত্ৰুটিপূৰ্ণ।”

ইফালে, কথিত ভাবুকি পত্ৰত নাম আৰু নম্বৰ থকা কোচিৰ বাসিন্দা এন জে জনীয়ে আজি নিজকে নিৰ্দোষী বুলি কয়।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আৰক্ষীয়ে মোক সোধা-পোছা কৰিছে। মই তেওঁলোকক সকলো সবিশেষ দিছো। তেওঁলোকে হাতৰ আখৰ আৰু সকলো ক্ৰছচেক কৰিছিল।”

তেওঁৰ পৰিয়ালে কয় যে তেওঁলোকে পত্ৰখনৰ আঁৰত স্থানীয় অঞ্চলটোৰ আন এজন ব্যক্তিক সন্দেহ কৰিছে, যিজনৰ সৈতে এটা গীৰ্জাৰ সৈতে জড়িত কোনো বিষয়ক লৈ কিছু সমস্যা আছে।

প্ৰতিবেদন অনুসৰি তিৰুৱনন্তপুৰম আৰু কোচি চহৰত প্ৰায় দুহেজাৰকৈ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।

Leave A Reply