Breaking

লামডিঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭১ সংখ্যাক জন্মদিন উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

0 2,019

হোজাই জিলা লামডিং বিজেপি টাউন মণ্ডলৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যাক জন্মদিন উপলক্ষে লামডিং শ্বহীদ ময়দানত ৰক্তদান শিবিৰ আয়োজন কৰা হয় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত লামডিং টাউন মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকলে একত্ৰিত হৈ প্ৰধানমন্ত্ৰী গৰাকীৰ সু-স্বাস্হ্য আৰু  দীৰ্ঘায়ু  কামনা কৰে ৷ সমগ্ৰ ৰাজ্যত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিন ২১ দিনীয়া কাৰ্যসূচীৰে পালনৰ অংশ হিচাবে মঙলবাৰ দিন  লামডিং বিজেপি টাউন মণ্ডল আৰু INDIAN RED CROSS SOCIETY সহযোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে ৷উক্ত ৰক্ত দান শিবিৰত লামডিং বাসী ৰাইজ আহি ৰক্ত দান কৰে আৰু লগতে একাংশ সচেতন ৰাইজে কয় যে ৰক্ত দান মহা দান ৷ আমি সদায় ৰক্তা দান কৰিহে আনৰ জীৱন ৰক্ষা কৰিব পাৰিম৷ উক্ত ৰক্ত দান শিবিৰত উপস্থিত থাকে বিনয় কলিতা জিলা সভাপতি যুৱ মৰ্চা, দেৱাশিস গুপ্ত লামডিং বিজেপি টাউন মণ্ডল সভাপতি, INDIAN RED CROSS SOCIETY CHAIRMAN ৰাজকুমাৰ পাণ্ডে হোজাই, দিবাকৰ নাগ বিজেপি যুৱ মৰ্চা লামডিং টাউন মণ্ডল সভাপতি, মিৰা মিশ্ৰ মহিলা মৰ্চাৰ উপসভানেএী লামডিং মণ্ডল আৰু লগতে বহু সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷ একোগচি বন্তি জ্বলাই প্ৰধানমন্ত্ৰীৰ সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে সকলোৱে ৷ অহা সাত অক্টোবৰলৈ চলিব লগা জন্মদিন কাৰ্যসূচীত ছাফাই অভিযান, ৰক্তদান শিবিৰ, আদি বিভিন্ন কাৰ্যসূচী হাতত লৈছে হোজাই জিলা লামডিং টাউন মশুল  বিজেপিৰ সদস্য সকলে ৷সকলো মানুহে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দি ৰক্তদান কৰিব পাৰিব ৷ লামডিং FRU চিকিৎসক ,নাৰ্ছ আৰু আসা কৰ্মী সকল অধিক তৎপৰতা হোৱা দেখা গৈছে৷ সকলোৱে বিভিন্ন ধৰণৰ সচেতন মূলক ভাস্য আগবঢ়ায় যে ৰক্ত দান কৰিবলৈ সকলো ৰাইজ আগোৱাই‌ আহক আৰু আন কাৰোবাক ভাল ভাল বাৰ্তা প্ৰদান কৰিবলৈ ৰাইজক আহন্বান কৰে ৷ এনে পদক্ষেপক লামডিং বাসী ৰাইজে শলাগ লৈছে  ৷

Leave A Reply