Breaking

শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ১২৬ টকাৰ স্মাৰক মুদ্ৰা

0 2,057

বুধবাৰে বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে ১২৬ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমবেত লোকসকলক সম্বোধন কৰিব। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী কিষান ৰেড্ডীও অনুষ্ঠানটোত উপস্থিত থাকিব।ইস্কনে শ্ৰীমদ ভাগৱত গীতা আৰু অন্যান্য বৈদিক সাহিত্যক ৮৯ টা ভাষালৈ অনুবাদ কৰিছে। স্বামীজী প্ৰভূপদে ১০০ তকৈও অধিক মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু কেইবাখনো কিতাপ লিখিছিল যিয়ে বিশ্বক ভক্তি যোগৰ পথ দেখুৱাইছে।

Leave A Reply