Breaking

‘দৈনন্দিন বাৰ্তাত’ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই দুৰ্ভগীয়া কিশোৰীলৈ সহায়ৰ হাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

0 2,064

চাঁ‌ৰি বছৰ পূৰ্ৱে মাতৃহাৰা ২বছৰ পূৰ্ৱে পিতৃহাৰা ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বৰাখাট গাঁ‌ৱৰ বাসিন্দা নামক্ৰমে, মীৰা গুৰ, নিৰ্মালী গুৰ, হৰিপ্ৰীয়া গুৰ, নামৰ তিনি  ঘাটমাউৰা কিশোৰীৰ কৰুণ কাহিনী খৈৰাবাৰীৰ সাংবাদিক অমৰজিৎ ৰাভাৰ দ্বাৰা প্ৰথমটো বাতৰি “দৈনন্দিন বাৰ্তাত,, প্ৰকাশ পোৱাৰ পিছত ক্ৰমান্বয়ে এটাৰ পিছত এটা সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ প্ৰায় ৫দিন পিছত আজি  ওদালগুৰি জিলাৰ ৬৪ নং পানেৰি বিধানসভা সমষ্টি তথা ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগপুৰি ভিচিডিচিৰ বৰাখাট গাঁ‌ৱৰ ৩ ঘাটমাউৰা কিশোৰীৰ ওচৰত জনপ্ৰতিনিধি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ভৱেন চন্দ্ৰ বড়োসহ বিজেপিৰ কৰ্মকৰ্তাৰ লগতে ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজে আহি কিশোৰী কেইজনীৰ সমস্যাৰ বুজ লোৱাৰ লগতে কিশোৰী কেইজনীৰ উন্নত শিক্ষা ব্যৱস্থা বহন কৰাৰ উপৰিও আৰ্থিক সহায় কৰি উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলাৰ দায়িত্ব বহন কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।যাক লৈ সচেতন মহলত এমচিএলএ ভৱেন চন্দ্ৰ বড়োসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এনে মহানুভৱতাক ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে।

Leave A Reply