Breaking

ৰং–তুলিকা লৈ প্ৰিয়ংকা ভৰালীৰ বিশ্ব পৰিৱেশ দিৱস পালন

0 671

আজি ৫ জুনৰ দিনটো সমগ্ৰ বিশ্ৱতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। অসমতো এই দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি আন বিভিন্নজনে এজোপা গছ ৰোপণ কৰি পালন কৰে বিশ্ব পৰিবেশ দিৱস।

কিন্তু বিশ্ব পৰিৱেশ দিৱসত ব্যতিক্ৰম ৰূপত দেখা গ’ল সংগীত শিল্পী প্ৰিয়ংকা ভৰালীক। জনপ্ৰিয় সংগীত শিল্পী  প্ৰিয়ংকা ভৰালীয়ে কোভিডৰ সময়ত ঘৰত থাকিয়েই হাতত ৰং তুলিকা লৈ  প্ৰাকৃতিক দৃশ্য অংকন কৰি পালন কৰে পৰিৱেশ দিৱস। এগৰাকী শিল্পী ৰূপে শৈল্পিক সুষমা ঢালি অংকন কৰিলে  এডাল বিৰিখৰ ছবি।

বেলিৰ বিলীয়মান পোহৰত এডাল গছৰ ছাঁত জিৰণি লৈ দিগন্তলৈ চাই থকা দুই সতীৰ্থৰ দৃশ্যসম্বলিত শিল্পী প্ৰিয়ংকা ভৰালীৰ সুন্দৰ মনোমোহা ছবিয়ে সকলোকে উৎসাহিত কৰে। প্ৰিয়ংকা ভৰালীয়েও এইদৰে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply