Breaking

লণ্ডনৰ ৰাজপথত স্বামী নিকৰ সৈতে ৰোমান্টিক হৈ পৰিল প্ৰিয়ংকা চোপ্ৰা, অনুৰাগীয়ে ক’লে…

0 94

লণ্ডনৰ ৰাজপথত স্বামী নিকৰ সৈতে ৰোমান্টিক হৈ পৰিল প্ৰিয়ংকা চোপ্ৰা, ওঁঠত চুম্বন কৰা ফটো ভাইৰেল !
প্ৰিয়ংকা চোপ্ৰাই স্বামী নিক জ’নাছৰ সৈতে লণ্ডনলৈ গৈছিল। এই সময়ত দম্পতীহালক ৰাজপথতে ৰোমান্টিক হোৱা দেখা গৈছিল। দুয়োৰে চুম্বনৰ এক ফটো ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ দম্পতীহালে তেওঁলোকৰ মৰমলগা কন্যা মালতী মেৰীৰ সৈতে ভাৰতলৈ আহিছিল। এই সময়ছোৱাত দুয়োজনে মুম্বাই এনএমএচিচিৰ অনুষ্ঠানত অংশ লৈছিল। বুধবাৰে লণ্ডনৰ ৰাজপথত প্ৰিয়ংকা আৰু নিকক দেখা গ’ল অন্য এক ৰুপত।

স্বামী নিকৰ সৈতে প্ৰিয়ংকাৰ লণ্ডন আউটিঙৰ ছবি শ্বেয়াৰ কৰিছে এটা ফেন ক্লাবে। দম্পতীহালৰ এই ছবিখনে বৰ্তমান ইণ্টাৰনেট যথেষ্ট চৰ্চা লাভ কৰিছে। বৰ্তমান প্ৰিয়ংকাৰ আগন্তুক ধাৰাবাহিক ‘চিটাডেল’ৰ প্ৰচাৰত ব্যস্ত। ভাৰত ভ্ৰমণৰ সময়ত মুম্বাইতো এই ধাৰাবাহিকখনৰ প্ৰচাৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। বি-টাউনৰ বন্ধু-বান্ধৱী আৰু সংবাদ মাধ্যমৰ বাবেও তেওঁ বিশেষ প্ৰিমিয়াৰ নাইট আয়োজন কৰিছিল। এই ধাৰাবাহিকখন ২৮ এপ্ৰিলত মুক্তি পাব। ইয়াৰ উপৰিও অতি সোনকালে আলিয়া ভাট আৰু কেটৰিনা কাইফৰ সৈতে বলীউডৰ ছবি ‘জী লে জাৰা’ৰ শ্বুটিং আৰম্ভ কৰিব।

Leave A Reply