Breaking

এতিয়াৰে পৰা ফেশ্বন আলোচনী পঢ়ে প্ৰিয়ংকা চোপ্ৰাৰ কন্যা মালতীয়ে ! বিশ্বাস নকৰিলে প্ৰমাণ চাওক…

0 53

প্ৰিয়ংকা চোপ্ৰাৰ কন্যা মালতীয়ে এতিয়াৰে পৰা ফেশ্বন আলোচনী পঢ়ে, বিশ্বাস নকৰিলে ইয়াত প্ৰমাণ চাওক-
প্ৰিয়ংকা চোপ্ৰাই কন্যাৰ সৈতে কিছু ছবি পোষ্ট কৰিছে য’ত অভিনেত্ৰী আৰু কন্যা দুয়োকে অতি মৰমলগা দেখা গৈছে। প্ৰিয়ংকা চোপ্ৰা এগৰাকী বহুমুখী অভিনেত্ৰী। তাই বহু ধৰণৰ ভূমিকা পালন কৰিব পাৰে। প্ৰিয়ংকাই কেৱল বলীউডতে নহয় হলিউডতো নিজৰ কামেৰে নিজৰ নাম উজলাই তুলিছে। তেওঁৰ ব্যক্তিত্ব ইমানেই শক্তিশালী যে সকলোৱে তেওঁৰ অনুৰাগী হৈ পৰে। অভিনেত্ৰী হোৱাৰ উপৰিও যুৱ আইকনও। এইবাৰ তাই চেৰ’গেচিৰ জৰিয়তে মাতৃ হৈ পৰিছে। কন্যা মালতী মেৰী চোপ্ৰা জোনাছ নাম ৰাখিছে অভিনেত্ৰীগৰাকীয়ে।

মালতিৰ সৈতে ফটো –
পিচি ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে আৰু পৰিয়ালৰ সৈতে মৰমলগা ছবি পোষ্ট কৰি থাকে। ১০ ডিচেম্বৰত প্ৰিয়ংকাই নিজৰ ইনষ্টা হেণ্ডেলত কন্যাৰ কিছু ছবি শ্বেয়াৰ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে পোষ্ট কৰা প্ৰথমখন ফটোত মাকৰ কোলাত বহি থকা কেঁচুৱা মালতীক ফেশ্বন মেগাজিন পঢ়ি থকা দেখা গৈছে।

প্ৰিয়ংকাৰ জীয়েকৰ লগত দুপৰীয়াৰ আহাৰ –
দ্বিতীয়খন ফটোত কোৰিয়ান ৰেষ্টুৰেণ্টৰ বাহিৰত থিয় হৈ থকা প্ৰিয়ংকাই নিজৰ কন্যাক কোলাত লৈছে। তাই তালৈ গৈছিল দুপৰীয়াৰ আহাৰ খাবলৈ। ফটোখনত প্ৰিয়ংকাই ক’লা ৰঙৰ সাজ-পোছাক পিন্ধিছিল। আনহাতে মালতীক বেবী পিংক কেপ পিন্ধি ছুপাৰ কিউট দেখা গৈছিল। যদিও ফটোখনত মালতীৰ মুখখন দেখা পোৱা নাছিল।অভিনেত্ৰীগৰাকীয়ে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল।

প্ৰিয়ংকাই আৰম্ভণিৰে পৰা প্ৰতিটো বিষয়তে ভাষণ দি আহিছে। কেইদিনমান পূৰ্বে বছৰৰ শীৰ্ষ ১০০ মহিলাৰ ভিতৰত স্থান লাভ কৰাৰ বাবে বিবিচিয়ে অভিনেত্ৰীগৰাকীক সন্মান জনাইছিল। তাত অভিনেত্ৰীগৰাকীয়ে নিজৰ অভিজ্ঞতাক কয় যে কেনেকৈ কিছুমান ছবিত অভিনেতাজনৰ তুলনাত মাত্ৰ ১০ শতাংশ পেমেণ্টহে পাইছিল।

Leave A Reply