দীপাৱলীত প্ৰথম ৰংগোলী বনালে প্ৰিয়ংকা চোপ্ৰাৰ কন্যা মাল্টিয়ে…

দীপাৱলী ২০২৩: বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বিদেশতো ধুমধামেৰে দীপাৱলী উদযাপন কৰিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কন্যাই নিৰ্মাণ কৰা প্ৰথমখন ৰংগোলীৰ আভাস অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল।এই ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে – ‘প্ৰথম ৰংগোলী’। ছবিখনত দেখা গৈছে মাল্টিয়ে বনোৱা বগা আৰু বেঙুনীয়া ৰঙৰ এটা মৰমলগা ৰংগোলি।

ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক দীপাৱলীৰ শুভেচ্ছা জনাই লিখিছে – ‘আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ… সদায় পোহৰ হওক…’ প্ৰিয়ংকাৰ এই পোষ্টটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰিয়ংকা চোপ্ৰা হলিউডৰ গায়ক নিক জোনাছৰ সৈতে বিয়াত বহে। বিয়াৰ পিছত এগৰাকী কন্যা মালতী মেৰীৰ পিতৃ-মাতৃ হয়।

Related Articles