Breaking

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ কনচাৰ্টৰ সময়ত অনুৰাগীয়ে দলিয়ালে ‘ব্ৰা’…

0 42

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ কনচাৰ্টৰ সময়ত অনুৰাগীয়ে দলিয়ালে ‘ব্ৰা’। শেহতীয়াকৈ নিউয়ৰ্কৰ য়েংকি ষ্টেডিয়ামত উপস্থিত হৈছিল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জ’নাছ। ষ্টেডিয়ামত কনচাৰ্টৰ বাবে উপস্থিত হৈছিল। য’ত তেওঁৰ এগৰাকী মহিলা অনুৰাগীয়ে তেওঁৰ লৈ ব্ৰা দলিয়াই দিলে। ইয়াৰ পিছত নিক ক্ষন্তেক সময়ৰ বাবে ৰৈ গ’ল আৰু তাৰ পিছত পুনৰ গান গাবলৈ ধৰিলে। এই ভিডিঅ’টো পোষ্ট কৰি নিক’ৰ অনুৰাগীয়ে কেপচনত লিখিছে – “নিকৰ কনচাৰ্টৰ কিছু ছবি, য’ত এজন অনুৰাগীয়ে তেওঁৰ ওপৰত ব্ৰা দলিয়াইছিল.. ” আনহাতে এতিয়া বহুলোকে এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনুৰাগীসকলে এই ঘটনাক অপমানজনক বুলি অভিহিত কৰিছে।

এই সন্দৰ্ভত মন্তব্য কৰি এজন অনুৰাগীয়ে লিখিছে, “এয়া তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতি অপমানজনক…অনুৰাগীসকলে শিল্পীক সন্মান কৰিবলৈ শিকাটো প্ৰয়োজন…।” নিক’ৰ কনচাৰ্টত এনেকুৱা কাৰ্য হোৱাটো প্ৰথমবাৰৰ বাবে নহয়।



Leave A Reply