Breaking

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত প্ৰিয়ংকা গান্ধী

0 2,044

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰিয়ংকা গান্ধী, প্ৰথমে দৰ্শন কৰিব মা কামাখ্যা মন্দিৰ। দেশৰ পাঁচখন ৰাজ্যত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে শাসনাধিষ্ঠ বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছেও হাই প্ৰফাইল নেতাৰ জৰিয়তে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাত উঠি পৰি লাগিছে।

এতিয়া প্ৰায়বোৰ ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় হৈ পৰিছে । কিছুদিন পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে অসমৰ শিৱসাগৰত প্ৰচাৰ চলাই যোৱাৰ পিছত এইবাৰ দুদিনীয়া ভ্ৰমণসূচী লৈ আজি ১ মাৰ্চ তাৰিখে অসমত উপস্থিত হ’ল দলটোৰ অন্যতম হাই প্ৰফাইল নেত্ৰী প্ৰিয়ংকা গান্ধী।

অসমৰ উপস্থিত হৈ কংগ্ৰেছৰ অন্যতম হাই প্ৰফাইল নেত্ৰী প্ৰিয়ংকা গান্ধী ৰাওনা হয় মা কামাখ্যা মন্দিৰলৈ।

ইয়াৰ পিছতে লীলাবাৰী বিমানবন্দৰলৈ বুলি ৰাওনা হব। লখীমপুৰত উপস্থিত হৈ তাৰে লখীমপুৰ মহাবিদ্যালয় খেলপতাৰত এক সভাত অংশ লব নেত্ৰীগৰাকীয়ে। তাৰ পিছত মহাপুৰুষ মাদৱদেৱৰ জন্মস্থান লেতেকাপুখুৰীতো উপস্থিত হব প্ৰিয়ংকা গান্ধী।

তাৰ পিছতে যাব গহপুৰলৈ । তাত থকা কনকলতা প্ৰতিমুৰ্তিত মাল্যাপৰ্ণ কৰি তাৰে জনতাৰ সৈতে মত বিনিময় কৰিব। আজি বিশ্বনাথ চাৰিআলিতেই নিশা কটাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।

Leave A Reply