Breaking

অৰুণাচলৰ মাকানটঙত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আয়োজন

0 2,047

অৰুণাচলৰ চাংলাং জিলাৰ ডাইউন সমষ্টিৰ বিধায়ক চামলুং মচাং আজি মাকানটঙত অনুষ্ঠিত হোৱা ২০২১বৰ্ষৰ মাকানটং ফুটবল প্রাইজ মানি প্ৰতিযোগিতাত উপস্হিত হয়। মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা বিধায়ক গৰাকীক আয়োজক সমিতিৰ লগতে উপস্থিত থকা স্থানীয় ৰাইজে উলহ মালহেৰে, ফুলাম গামোচা জ্ঞাপন কৰি আদৰণী জনায় লগতে উপস্হিত হয় এডিচি বিষয়া এছ আই অৰ্জুন মোহন, জেদ পি এম বিষয়া, গাঁওবুঢ়া, বিভিন্ন সংগঠনটৰ নেতৃবৃন্দ, বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া, কৰ্মচাৰী আৰু স্হানীয় ৰাইজ। ৩৫টা দলৰ মাজত হোৱা ফুটবল   প্ৰতিযোগিতাত জয় পৰাজয় হৈ আজি ফাইনেল ৰাউণ্ডত ইউ এম এফ চি আৰু ৱুংপুং দুয়োটা দলৰ মাজত  হবলগীয়া খেলত উপস্হিত হোৱা স্হানীয় বিধায়ক চামলুং মচাঙে দুয়োটা দলক শুভেচ্ছা জ্ঞাপন কৰি খেলৰ জগতখন উন্নতি কৰাৰ কথা প্ৰকাশ কৰে। খেলৰ জৰিয়তে নিজক চিনাকি দি এজন সুদক্ষ খেলুৱৈ হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে সমাজত এক সুপ্ৰভাৱ পেলাবলৈ  আহ্বান জনায়। খেলৰ উঠি অহা যুৱপ্ৰজমনৰ প্ৰসংগৰ মাজতে ক্ষোভ উজাৰি কয় যে শান্তি আৰু প্ৰগতিৰ বাবে ভোট দি মোক জয় কৰা জনসাধাৰণক মই সুৰক্ষা দিবলৈ সাজু আছোঁ l

কিন্তু যিয়েই সমাজৰ সন্ত্ৰাস সৃষ্টি কৰা কৰ্ম কৰিব তেনেলোকক শাস্তিৰ পৰা নিৰাময় কৰাত কোনো সহায় নকৰোঁ,এই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰে।  ইয়াৰ লগতে যাতায়তৰ ক্ষেত্ৰত দেখা দিয়া মাকানটংৰ  মূল পথৰ সমস্যা  সমাধান কৰাৰ উপৰিও আৰু বহু কেইটা পথ নিৰ্মাণ কৰাৰ কথা প্ৰকাশ কৰে। অনুস্থিত হৈ থকা খেল পথাৰ খনৰ কাষত শৌচালয়ৰ বাবে সুবিধা হোৱাকৈ শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰায় ২৬লাখ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি  দিয়ে। ইয়াৰ উপৰিও যিকোনো সমস্যা সমাধানৰ বাবে যিমান পৰো নিজৰ সমস্যা হিচাপে সমাধান কৰাৰ কথাও প্ৰকাশ কৰে। ইয়াৰ লগতে উপষ্ঠিত থকা এডিচি অৰ্জুন মোহন আৰু জেদ পি এম বিষয়া দুজনেয়ো ক্ৰিয়া জগতৰ উন্নয়নৰ কথা কৈ দুয়োটা দলক শুভেচ্ছা জ্ঞাপন কৰে। দুয়োটা দলৰ মাজত হোৱা ফাইনেল ৰাউণ্ডত ইউ এম এফ চি দলটোয়ে জয়লাভ কৰে। আয়োজক সমিতিয়ে উপষ্ঠিত হোৱা অতিথি সকলক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত খেলৰ দিশটোৰ দুগুণ উন্নয়নৰ বাবে এনেকৈ বিভিন্ন প্ৰদশেপ লোৱাৰ কথা প্ৰকাশ কৰে।

Leave A Reply