ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ে স্বচ্ছতা পষেকৰ প্ৰথম পুৰস্কাৰ লাভ কৰে নেৰিৱালমে

ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ অধীনস্থ তেজপুৰৰ উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ নেৰিৱালম ২০২৩ৰ ১৬ডিচেম্বৰৰ পৰা ৩১ডিচেম্বৰলৈ অনুষ্ঠিত স্বচ্ছতা পষেক অভিযানত ২০২৩-২৪বৰ্ষৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম ।

এই উপলক্ষে কালি নতুন দিল্লীৰ জল শক্তি মন্ত্ৰনালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ সচিব দেবাশ্ৰী মুখাৰ্জীৰ পৰা উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ প্ৰদীপ কুমাৰ বৰাই উক্ত বটা গ্ৰহন কৰে। উল্লেখ্যযে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰনালয়ৰ অধীনস্থ ২৮টা প্ৰতিষ্ঠানৰ ভিতৰত অনুষ্ঠিত উক্ত অভিযানত উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানে প্ৰতিষ্ঠানৰ ভিতৰচোৱা পৰিচন্নতাৰ গুৰুত্ব, দিয়াৰ উপৰিও প্ৰতিষ্ঠানখনত বায়’ ডিগ্ৰেডেছন ব্যৱস্থা, তেজপুৰৰ ঐতিহাসিক স্থান গণেশ ঘাট,সঞ্জীৱনী আৰু ভৈৰৱী মন্দিৰ প্ৰাঙ্গণত চাফাই অভিযানৰ লগতে ভৈৰৱী মন্দিৰত ডাষ্টবিন প্ৰদান আৰু গণেশ ঘাটত পৰিচ্ছন্নতা সম্পৰ্কে প্ৰাচীৰ অভিযান চলাই উক্ত বটা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অধীনস্থ সক্ষমতা বিকাশ আয়োগে উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানক আজিৰ পৰা দুবছৰৰ বাবে অসামৰিক সেৱাৰ বাবে ৰাষ্ট্ৰীয় মৰ্যাদা সম্পন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীৰ অধীনস্থ সক্ষমতা বিকাশ আয়োগৰ হৈ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ বৰাৰ নেতৃত্বত দুজনীয়া দলে কালি আৰু আজি প্ৰতিষ্ঠানখনত প্ৰশিক্ষণ,শৈক্ষিক দিশ, আন্তঃগাঁথনিকে ধৰি পুংখানুপুংখ ভাৱে চলোৱা অধ্যয়নৰ পিছত উক্ত স্বীকৃতি প্ৰদান কৰে।

Related Articles