আজিৰে পৰা বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আগন্তুক বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইভিএম মেচিন কাৰ্যক্ষম কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । বাক্সা জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া ৰঞ্জন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংস্থাপন কৰা ষ্ট্ৰং ৰূমত আৰম্ভ হোৱা কমিচনিঙৰ কাম আজিৰে পৰা আৰম্ভ হৈছে আৰু উক্ত প্ৰক্ৰিয়া কাইলৈহে সমাপ্ত হ’ব । ইভিএম মেচিন সমূহৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত ষ্ট্ৰং ৰূমত সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে থোৱা হ’ব আৰু পিছত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ দ্বাৰা সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷ ইতিমধ্যে দুই ধৰণৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত আৰু এটা প্ৰশিক্ষণ বাকী থকা বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে কয় যে আগন্তুক নিৰ্বাচন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে চলাই নিবলৈ প্ৰশাসনে চেষ্টা অব্যাহত ৰাখিব আৰু বাক্সাবাসীক নিৰ্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই আহিবলৈ আহ্বান জনায় উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া ৰঞ্জন শৰ্মাই ।
Breaking
- শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
- নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।
- বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস
- ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন
- ‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী
- যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা
- ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব
- প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত
- মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা