Breaking

টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ঘটেশ্বৰ বৰুৱাৰ বিদায় সম্বৰ্ধনা

0 245

টংলামহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ঘটেশ্বৰ বৰুৱাক সোমবাৰে মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ছাত্র-ছাত্ৰীৰ সহযোগত বিদায়ী সম্বৰ্ধনা জনোৱা হয়।বৰ্তমানৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা সবিতা মজুন্দাৰে আঁত ধৰা সভাত বিদায়ী অধ্যাপক বৰুৱাক মাংগলিক নীতি নিয়মেৰে
আদৰি আনি সভাৰ আসনত বহুৱা হয়।সভাত ছাত্র ছাত্ৰীৰ সমবেত সংগীতৰে আৰম্ভ বিদায়ী সভা।বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক শিক্ষাগুৰু মণ্ডলী উপস্থিত হৈ বিদায়ী অধ্যাপক জনৰ উদ্দেশ্যে তেওঁৰ গুণানু কীৰ্তন কৰাৰ লগতে তেওঁৰ লগত কটোৱা বিভিন্ন অভিজ্ঞতাবোৰ দুহাৰে।সম্বৰ্ধনা পত্র,জাপি,শৰাইৰে বিদায় সম্ভাষণ জনোৱা হয় বিদায়ী অধ্যাপক ঘটেশ্বৰ বৰুৱাক।

উল্লেখযোগ্য যে বৰুৱা এজন অধ্যাপকেই নহয় এটি অনুষ্ঠান, এজন সুবক্তা, নিৱন্ধকাৰ, সাহিত্যৰ এক কাণ্ডাৰী। বিভিন্ন ধৰণৰ কিতাপ পত্র সম্পাদনা কৰি সাহিত্যৰ মাজত বিশেষ সুনাম অর্জন কঢ়িয়াবলৈ সক্ষম হোৱা বৰুৱা এজন সমাজ দৰদী লোক। বৰুৱাই সভাত গীত কবিতা আবৃত্তি, ৰসাল কথাৰ ভঙ্গীৰে শ্ৰোতাৰ মন আকর্ষন কৰে । নিজৰ মনোভাব বক্তব্যত তেখেতে কয় যে মই মানুহৰ মাজত থাকি ভালপাওঁ কিতাপ অধ্যয়নে আদিপাঠ। মই এজন ছাত্র শিকিবলৈ বহু আছে সুন্দৰ ভাষণে আলোকিত কৰিছে, সাহস অনুপ্রেৰণা জীৱনৰ আদর্শ বুলি কয়।বিদায়ী সভাত ছাত্র ছাত্ৰীৰ বক্তব্য, গীত মাত আদিৰে জীপাল হৈ পৰে।সদৌ শেষত জাতীয় সংগীতৰে সভাৰ সফল সামনি পৰে।

Leave A Reply