Breaking

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী।

0 45

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী। সকলো শিক্ষাৰ্থীৰ লগতে অভিভাৱকক অংশগ্ৰহণ । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৱাসিক এলেকাত অৱস্থিত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত আজি “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও অভিভাৱকসকলকো অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে “পৰীক্ষা পে চৰ্চা” শীৰ্ষক এই অনুষ্ঠানটোত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰে । পৰীক্ষাৰ দিন চমূ চাপি অহাৰ সময়ত পৰীক্ষাৰ্থীৰ মনত সৃষ্টি হোৱা মানসিক চাপ আৰু হতাশা নিৰাময় কৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা পদক্ষেপক প্ৰশংসা কৰি এই কাৰ্যসূচীয়ে আগন্তুক দিনত বিদ্যালয়খনৰ শিক্ষাৰ্থীক লাভাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান অখিলেশ্বৰ ঝাই।

ইপিনে “পৰীক্ষী পে চৰ্চা” শীৰ্ষক এইবাৰৰ অনুষ্ঠানটোত বিগত সময়ৰ দৰে কেৱল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰ্হণ কৰিবলৈ কৰে। ই এক উল্লেখযোগ্য দিশ বুলি দোহাৰে বিদ্যালয় কৰ্তৃপক্ষই।

Leave A Reply