Breaking

শিৱসাগৰৰ আমগুৰি খনামুখৰ বানপিড়ীত অঞ্চলৰ মহিলাসকলক আৰ্থিক স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ এক প্ৰয়াস প্ৰগতিশীল আত্মসহায়ক গোটৰ

0 78

শিৱসাগৰৰ আমগুৰি খনামুখ গাঁও পঞ্চায়তৰ প্ৰগতিশীল নামৰ এটি আত্মসহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰায় ১০ গৰাকী মান সদস্যাই দৃষ্টি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ পৰা এটি প্ৰশিক্ষণ লৈ পেলনীয়া সামগ্রী ছাই, হালধীৰ পৰা চাবোন প্ৰস্তুত কৰি উলিৱাৰ লগতে কাঠফুলাৰ খেতি, মুগা পলু পুহি ঘৰুৱা বিভিন্ন খাদ্য সামগ্রী পিঠা পনা আদিকে বনাই গোটৰ সদস্যাসকল আৰু গাঁৱৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি তেওঁলোকৰ পৰিয়াল যথেষ্ট উপকৃত হৈছে।

পিছপৰা বানপিড়ীত অঞ্চলৰ মহিলাসকলক আৰ্থিক স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু অধিক স্বাভালম্বী হ’বৰ বাবে স্থানীয় বিধায়ক গৰাকীকো সহায় সহযোগিতা আগবঢ়াবলৈ সংবাদ-মাধ্যমৰ যোগেদি মহিলাসকলে আহ্বান জনাইছে ।

Leave A Reply