Breaking

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, জাতীয়তাবাদী কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ বিয়োগ

0 62

তেজপুৰৰ বিশিষ্ট চিত্ৰশিল্পী, কবি, গীতিকাৰ, অসংখ্য গ্ৰন্থ, আলোচনীৰ বেটুপাত অংকন কৰোতা, তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চুতীয়াৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত ৬৬ বছৰ বয়সত অকালতে পৰলোকপ্ৰাপ্তি ঘটাত সমগ্ৰ তেজপুৰৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰিছে। তেজপুৰ চহৰৰ কুমাৰ গাঁও নিবাসী আৰু শেহতীয়াকৈ তেজপুৰৰ মাজগাঁৱত স্থায়ী ভাৱে থাকিবলৈ লোৱা প্ৰচণ্ড জাতীয়তাবাদী আৰু মৃদুভাষী চুতীয়া শেহতীয়াকৈ অতি জটিল মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল যদিও যোৱা ৫ অক্টোবৰত শৰীৰৰ দ্ৰুত অৱনতি ঘটাত দুই পুত্ৰ আৰু এগৰাকী বন্ধুৱে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ নি ভৰ্তি কৰিছিল যদিও চিকিৎসকে চিকিৎসা প্ৰদানৰ অপাৰগতা প্ৰকাশ কৰাত ঘৰলৈ ঘূৰাই অনাৰ পিছত সন্ধিয়া প্ৰায় ৬ – ৩০ বজাত স্থানীয় চিকিৎসকে মৃত ঘোষণা কৰাত বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ তেজপুৰ চহৰ খনত শোকৰ ছাঁ পৰে।

উল্লেখ্য যে, ১৯৫৮ চনৰ জানুৱাৰীত জন্ম গ্ৰহণ কৰা চুতীয়া তেজপুৰ একাডেমীৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰ মহাবিদ্যালয়ত তেতিয়াৰ পিউ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰি দৰংমহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত চতিয়া মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি শিক্ষকতা জীৱনৰ পাতনি মেলে।

আনহাতে ১৯৮৬ চনৰ ৩ নবেম্বৰত তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰি সুদীৰ্ঘকাল এগৰাকী আদৰ্শ শিক্ষক হিচাপে স্হানীয় অঞ্চলটিৰ সকলোৰে প্ৰিয় ভাজন হৈ পৰাৰ পিছত ২০০৭ চনৰ ১ অক্টোবৰৰ পৰা ১৭ মেলৈ উক্ত বিদ্যালয়ৰ অধ্যক্ষৰ আসনত অলংকৃত হৈ বিদ্যালয়খনৰ বিদ্যায়তনিক আৰু আন্ত গাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা লগতে মৃত্যুৰ সময়লৈকে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ নিষ্টাৰে দায়িত্ব পালন কৰি আহিছিল। ইফালে জিলা কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত হোৱা চুতীয়াই ২০১৮ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে যদিও জিলাখনৰ বিদ্যায়তনিক ক্ষেত্ৰৰ বিভিন্ন কাৰ্য্যসূচীত আমৃত্যু অংশ গ্ৰহণ কৰি আহিছিল।

ছাত্ৰ জীৱনৰ পৰাই এগৰাকী দক্ষ চিত্ৰশিল্পী হিচাপে পৰিচিত মুকুল চুতীয়াই সেইখিনি সময়ত তেজপুৰৰ লগতে জিলাখনৰ পৰা প্ৰকাশ পোৱা যিকোনো গ্ৰন্থ আৰু আলোচনীৰ বেটুপাত অংকন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।দৰংমহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ সুন্দৰ বেটুপাতৰ লগতে বিভিন্ন বেটুপাতত মুকুল চুতীয়াৰ শৈল্পিক প্ৰতিভাৰ স্বাক্ষৰ আজিও জিলিকি আছে। শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্হাৰ মুখপত্ৰ “আলচ” ৰ সৈতে সুদীৰ্ঘ সময় জড়িত চুতীয়া এগৰাকী নাটকৰ দক্ষ স্মাৰকো আছিল। তেজপুৰৰ বহুকেইটা নাট্যানুষ্ঠানৰ সৈতে জড়িত হৈ এগৰাকী দক্ষ স্মাৰক হিচাপে সকলোৰে মাজত পৰিচিত প্ৰচুৰ অধ্যয়ন পিপাসু চুতীয়া এগৰাকী দক্ষ কবি আৰু গীতিকাৰ হিচাপেও পৰিচিত আছিল আৰু “অসংলগ্ন সময়” শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ কৰি উলিওৱাৰ লগতে নিজে ৰচনা কৰা গীতৰ এটি শ্ৰব্য কেছেটো এসময়ত নিৰ্মাণ কৰিছিল।

উল্লেখ্য যে মুকুল চুতীয়াই ৰচনা কৰা গীত শান্তা উজীৰ, পুলক বেনাৰ্জীৰ লগতে ৰাজ্যখনৰ বিভিন্ন কন্ঠশিল্পীয়ে কন্ঠদান কৰিছিল। এইগৰাকী অন্তৰ্মুখী, বিশেষ ব্যক্তিত্বৰ জাতীয়তাবাদী সত্বাৰ মৃত্যুৰ পিছতেই বাসগৃহত কালি সন্ধিয়া অসংখ্য গুণমুগ্ধ উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহতে বৰ্তমানৰ চন্দ্র নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামী, তেজপুৰ একাডেমীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰ কলিতা, সহকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনা, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বড়োৰ লগতে বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, সংগীতশিল্পী সীমান্ত কাকতি আদিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তেজপুৰৰ শৈক্ষিক আৰু ৰাজহুৱা জীৱনৰ এইগৰাকী জাতীয়তাবাদী শিল্পী তথা কৃতী শিক্ষকৰ অকাল মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ সভাপতি – সাধাৰণ সম্পাদক ক্ৰমে – বংকিম শৰ্মা, জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথে, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখা নাট্য সন্মিলনৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, নাট্যানুষ্ঠান, শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা, তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সম্পাদক ভূপেন বৰদলৈ, শোণিতপুৰ শিল্পী সমাজ, অসমীয়া ক্লাব, তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্ত, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন সমিতি আদি ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত পত্নী, দুই সন্তান, কনিষ্ঠ ভাতৃ বিশিষ্ট নাট্যশিল্পী মৃদুল চুতীয়াকে ধৰি অসংখ্য গুণমুগ্ধক এৰি যোৱা চুতীয়াৰ নিশা শেষ কৃত্য সম্পন্ন হয় স্থানীয় হজৰাপাৰ ৰাজহুৱা শ্মশানত।

Leave A Reply