Breaking

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসান

0 50

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ শুকুৰবাৰে দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ ঘটাত তেজপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷

ৰিংকু নামৰে সকলোৰে মাজত জনপ্ৰিয় সেনগুপ্তই ১৯৬৯ চনত জন্মগ্ৰহণ কৰিছিল আৰু ওৰাং হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেজপুৰতে সামাজিক জীৱনত জড়িত হোৱাৰ সমান্তৰালভাৱে নিজকে এগৰাকী স্বাৱলম্বী ব্যৱসায়ী ৰূপে পৰিচিত হৈ পৰিছিল৷

তেজপুৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক সংগঠনৰ লগত জড়িত থকা অমল সেনগুপ্তই দুৰদৰ্শনৰ ধাৰাবাহিক ‘বাস্তৱ’ৰ প্ৰযোজকৰূপে আত্মপ্ৰকাশ কৰাৰ পিছত কেবাখনো ধাৰাবাহিক আৰু তথ্যচিত্ৰ, চুটি ছবিৰ প্ৰযোজনা নিয়ন্ত্ৰক আৰু প্ৰযোজনা সহযোগী হিচাপে কাম কৰিছিল৷

অসম ৰেপাৰটৰীৰ অনুষ্ঠান কাৰ্যবাহীৰূপে দীৰ্ঘদিন দায়িত্ব গ্ৰহণ কৰা সাংস্কৃতিক সংগঠকগৰাকীয়ে কুৰি খনৰো অধিক নাটকৰ প্ৰযোজনা আৰু ব্যৱস্থাপনাৰ দায়িত্ব বহন কৰিছিল৷ তেজপুৰ অবৈতনিক বাঙালী নাট্য সমাজৰ এটা কাৰ্যকাল কোষাধ্যক্ষ আৰু কেবাটাও কাৰ্যকাল কাৰ্বনিৰ্বাহক সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰা অমল সেনগুপ্ত অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু অসম শিল্পী সমাজ, নৱৰংগ, ডায়পাৰ্ক, জংগম, ৰং, এলক, মাটি আখৰা আদি বহু সামাজিক-সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত আছিল৷

বাণ থিয়েটাৰ আৰু শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰত্যক্ষ সদস্য নোহোৱা সত্বেও সেনগুপ্তই দুয়োটা সংগঠনৰ প্ৰায় সকলো কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত আছিল৷ অধুনালুপ্ত বাতৰি কাতত ‘সকালবেলা’ত তেজপুৰৰ সাংবাদিকৰূপেও সেৱা আগবঢ়াইছিল সেনগুপ্তই৷ অধ্যয়ন পিপাসু সেনগুপ্তই সকলো সামাজিক-সাংস্কৃতিক কামকাজত নিজকে জড়িত ৰখাৰ লগতে বিভিন্ন সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াই সুহৃদ ব্যক্তি হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল৷

বিগত কিছু মাহ ধৰি অসুস্থ হৈ থকা তেজপুৰ পুলিচ ৰিজাৰ্ভ নিবাসী অমল সেনগুপ্তই নিজ বাসগৃহতে চিকিৎসাধীন অৱস্থাত থকাৰ পিছত আজি স্বাস্থ্যৰ অৱনতি ঘটাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷ এই দুখবৰ বিয়পি পৰাৰ লগে লগে তেজপুৰৰ অসংখ্য গুণমুগ্ধই বাসগৃহলৈ আহি সৰবৰহী ব্যক্তিগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেজপুৰ অবৈতনিক বাঙালী নাট্য সমাজৰ হৈ গৌতম মৈত্ৰ, বিশ্বজিৎ পুৰকায়স্ত, জয়ন্ত মুখাৰ্জী আৰু কেশৱ দাস, অসম ৰেপাৰটৰীৰ হৈ জান তালুকদাৰ, শান্তনু শইকীয়া, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ হৈ পুলক কুমাৰ ডেকা, ধ্ৰুৱজ্যোতি নাথ, ৰূপজ্যোতি গোস্বামী, জয়ন্ত পোখৰেল, জাফাৰ হৈ হেমন্ত কুমাৰ নাথ, প্ৰাক্তন উপ পৌৰপতি সত্যজিৎ স্বৰ্গীয়াৰী, বাণ থিয়েটাৰৰ হৈ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, নৱৰংগৰ হৈ চামচেৰ আহমেদ আৰু জয়ন্ত খনিকৰ, ডায়পাৰ্কৰ হৈ নাজিম আহমেদ, শোণিতপুৰ প্ৰেছ ক্লাবৰ হৈ দীপ কুমাৰ কলিতা, ড্ৰামাপ্লছৰ সুব্ৰত দাস আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত অমল সেনগুপ্তই পত্নীৰ লগতে দুই সন্তান আৰু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

ইফালে তেওঁৰ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট অভিনেতা মৃদুল চুতীয়া, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰনাথ শৰ্মা, বাণ থিয়েটাৰৰ সভাপতি-সম্পাদক বংকিম শৰ্মা আৰু জিতুমণি দেৱ চৌধুৰী, অসম ৰেপাৰটৰীৰ সভাপতি ডাঃ প্ৰদীপ লহকৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সম্পাদক মনোজ কুমাৰ শইকীয়া, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা,সাংবাদিক দিব্যজ্যোতি নাথ,অৰূপ কলিতা প্ৰমুখ্যে বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা ঞ্জাপন কৰে৷উল্লেখযোগ্য যে,প্ৰয়াত সেনগুপ্ত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ এজন সদস্যৰ দৰেই আছিল৷

Leave A Reply