ঢকুৱাখনা, ৮ ডিচেম্বৰ: ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি দেৱৰ ৮৮ সংখ্যক জন্ম দিৱস কালি ঢকুৱাখনাত তেখেতৰ অনুগামী সকলে অনুষ্ঠুপীয়াকৈ পালন কৰে। তেওঁৰ -৮৮ সংখ্যক উপজা দিনৰ কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ষীৰোদ গগৈয়ে।গগৈয়ে তেওঁৰ বক্তব্যত-হোমেন বৰগোহাঞিৰ কিতাপবোৰ আৰু তেওঁৰ বিভিন্ন লেখাবোৰ অসমৰ সচেতন পঢ়ুৱৈ সমাজে কিয় গুৰুত্বসহকাৰে গ্ৰহণ কৰে তাৰ বিষয়ে কয় ।ঢকুৱাখনাৰ এগৰাকী কবি তথা শিল্পী ৰাজীৱ তামুলীয়ে আঁত ধৰা অনুষ্ঠানত হোমেন বৰগোহাঞিৰ সান্নিধ্যত সাংবাদিকতা কৰাৰ স্মৃতি সুঁৱৰি হেমন্ত কুমাৰ বৰুৱাই বক্তব্য ৰাখে।ইয়াৰ পিছতেই কাশ্যপী তনয়া গগৈয়ে এটি গীত পৰিৱেশন কৰে। ৰাজীৱ তামুলীয়ে হোমেন বৰগোহাঞিৰ কাব্য সংকলন-“হৈমন্তী”ৰ পৰা এটা কবিতা আবৃত্তি কৰে। ইফালে বৰগোহাঞিৰ ভাগিন তথা কবি মৌচুমী গগৈ হাতীবৰুৱাই সৰুৰে পৰা দেখি অহা হোমেন বৰগোহাঞিৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য ৰাখে। ইয়াৰ পিছতেই-সাংবাদিক ৰাজীৱ বৰুৱাই বৰগোহাঞিৰ কিতাপবোৰৰ শিৰোনাম লৈৰচনা কৰা এটা কবিতা পাঠ কৰে।অন্যহাতে এই অনুষ্ঠানত উপস্থিত থাকি ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক দিলীপ হাতীবৰুৱা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপেন শইকীয়া, সাংবাদিক অৰুণ চমুৱা, সু-লেখিকা নৱনীতা গগৈ আদিয়েও হোমেন বৰগোহাঞিৰ জীৱনৰ বিভিন্ন দিশ উন্মোচন কৰি বক্তব্য ৰাখে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি