Breaking

পুনৰ বাঘজান তৈল খাদত প্ৰতিবাদৰ জোৱাৰ।

0 551

বাঘজানৰ জৈৱ-বৈচিত্ৰ তথা বাঘজানৰ ক্ষয়-ক্ষতিৰ ওপৰত অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে বাঘজানবাসী ৰাইজে পুনৰ ক্ষোভিত হৈ পৰিছে।

বাঘজান কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে। ১৭৩ দিনৰ অন্তত অভিশপ্ত বাঘজান কাণ্ডৰ অন্ত পৰিল। কিন্তু অন্ত হোৱা নাই বাঘজানবাসীৰ দুৰ্দশা। বাঘজানবাসীয়ে আজি পৰ্য্যন্ত নাপালে উপযুক্ত তথা উচিত ক্ষতিপূৰণ।

উল্লেখযোগ্য যে,বাঘজান অঞ্চলৰ জৈৱ-বৈচিত্ৰ তথা পাৰিপাৰ্শ্বিক ক্ষয়-ক্ষতিৰ ওপৰত যোৱা ৭ জুন তাৰিখে অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল। আৰু প্ৰতিবেদনত উল্লেখ আছে কেইবাটাও বিস্ফোৰক তথ্য। যাৰ বাবে ক্ষোভিত হৈ পৰিছে বাঘজানবাসী ৰাইজ।

বুধবাৰে বাঘজানবাসী ৰাইজৰ নেতৃত্বত বাঘজান EPS তৈল খাদৰ সন্মুখত ক্ষতিগ্ৰস্ত বাঘজানবাসীক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰা,অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ তথ্যৰ ওপৰত ভিত্তি কৰি বাঘজান অঞ্চলৰ ৬১২টা পৰিয়ালক অতি শীঘ্ৰে ১০০% ক্ষতিপূৰণৰ ব্যৱস্থা কৰা,যোৱা ২০২০ৰ ২৭মে’ তাৰিখে বাঘজান BGN-5 নং তৈল খাদত সংঘটিত বিস্ফোৰণত জড়িত ব্যক্তিক চিনাক্ত কৰা আদি কেইবাটাও দাবীৰে বাঘজানবাসী ৰাইজে প্ৰতিকূল বতৰকো নেওচি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Leave A Reply