Breaking

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ জনগোষ্ঠীয় মজদূৰ সংঘই…

0 83

দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ পৰিসদ আৰু দেশী জনগোষ্ঠীয় মজদূৰ সংঘৰ উদ্যোগত আজি ধুবুৰীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টিয়া ধৰ্ণা কাৰ্যসূচী।প্ৰত্যক্ষ ভাবে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ।

খিলঞ্জীয়া মুছলমানৰ আৰু হিন্দু সম্প্ৰদায়ৰ মাটি বেদখল কৰিছে অবৈধ বাংলাদেশীয়ে।সেয়ে খিলঞ্জীয়া দেশী আৰু মাছমৰিয়া অনুসূচীত জাতি সম্প্ৰদায়ৰ ভূমিৰ পৰা অবৈধ বেদখল উচ্ছেদ কৰি প্ৰকৃত গৰাকীক ভূমি অৰ্পণ, খিলঞ্জীয়া দেশীৰ নিৰাপত্তা সু নিশ্চিত কৰা আৰু দেশী জনগোষ্ঠীক ডি ভোটাৰ বিদেশী ন্যায়াধীকৰণ গোচৰৰ পৰা মুক্ত কৰাৰ দাবীত আজি দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ পৰিষদ আৰু দেশী জনগোষ্ঠীয় মজদূৰ সংঘৰ উদ্যোগত ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক বিশাল  প্রতিবাদী কাৰ্যসূচী পালন কৰে।ৰেলি যোগে হাতে হাতে প্লেকাৰ্ড লৈ নিজৰ দাবী উত্থাপিত কৰাৰ লগতে ধুবুৰীৰ বিভিন্ন চৰ অঞ্চলত অবৈধ ভাৱে বাংলাদেশীয়ে ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে হিন্দু সকলৰ মঠ মন্দিৰ সকলো ভাঙি পেলাই অবৈধ ভাৱে ভূমি বেদখল অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰী সকলে।


ইপিনে সংগঠন ৰ পৰা জিলা উপায়ুক্তৰ ওচৰত এখন স্মাৰক প্ৰদান কৰা হয়। স্মাৰক পত্ৰৰ কোৱা হয়, দেশী সকল এই ভূমিৰ খিলঞ্জীয়া হোৱা সত্বেও ডি ভোটাৰ, বিদেশী ন্যায়া ধীকৰনৰ গোচৰ, এন আৰ চি ৰপৰা বাদ পৰাৰ দৰে বোজা বহন কৰিব লগা হৈছে। সেয়ে দেশী জনগোষ্ঠী য়, মজদূৰ সংঘ অসম, আৰু দেশী জনগোষ্ঠী য় যুব ছাএ মঞ্চ ধুবুৰী জিলাৰ উদ্দোগত ৬০০শতাধিক সদস্য আজি ২ ঘন্টীয়া ধৰ্না কাৰ্য্য সুচী পালন কৰা হয়।

Leave A Reply