Breaking

আফগানিস্তানৰ বাদাখশ্বানৰ দাৰাইম জিলাত তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ !  প্ৰতিবাদকাৰীক দমন কৰিবলৈ গুলীবৰ্ষণ তালিবানৰ…

0 20

তালিবানৰ বিৰুদ্ধে ক্ষুব্ধ আফগানিস্তানৰ বাদাখশ্বানৰ দাৰাইম জিলাৰ একাংশ লোক । ৩ মে’ৰ পৰা তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে । প্ৰতিবাদকাৰীক দমন কৰিবলৈ গুলীবৰ্ষণ তালিবানৰ । ৫ গৰাকী নেতাক আটক কৰাৰ বিৰুদ্ধে জিলাখনৰ ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইফালে প্ৰতিবাদকাৰীসকলে জনাইছে যে লোকজনৰ মৃত্যুৰ পিচত দাৰাইমৰ বাসিন্দাসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল । সংবাদ মাধ্যমৰ মতে আফিং খেতি জ্বলোৱাৰ উদ্দেশ্যে তালিবানী যুঁজাৰুসকলে আৱাসিক এলেকাত প্ৰৱেশ কৰিছিল । কিন্তু ইয়াৰ বিপৰীতে তালিবানীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি মহিলাসকলক উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে ।

যাৰ বাবে তালিবানৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে । প্ৰতিবাদকাৰীসকলে তালিবানক মানুহৰ ঘৰ ধ্বংস কৰা আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ আৰু অন্যায় কৰাৰ অভিযোগ উত্থাপন কৰে ।

Leave A Reply