নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহেৰে আজি ডিমৌত আছু’ৱে ক’লা পাতাকা প্ৰদৰ্শন কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী সকলে ডিমৌ চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি কেন্দ্রীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্র সমালোচনা কৰাৰ লগতে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্ৰী অমৃত শ্বালৈ ক’লা পাতাকা প্ৰতিবাদ স্হলিৰ পৰা প্ৰদৰ্শন কৰে। আছু’ৰ এই উত্তাল প্ৰতিবাদী কাৰ্যসূচীত ডিমৌৰ ভালেকেইগৰাকী জিলা আৰু মহকুমা পৰ্যায়ৰ কৰ্মীয়ে অংশগ্রহণ কৰে। ‘কা’ বাতিলৰ দাবীত ছাত্র সংগঠনটোৰ কৰ্মী সকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁৰ সমদলৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত বাধা দিবলৈ আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্যক তীব্র নিন্দা কৰিছে প্ৰতিবাদকাৰী সকলে।
Breaking
- আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ
- মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
- বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ
- “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া
- তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন
- গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
- পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ
- বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা