Breaking

অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ উদ্যোগত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰতিবাদী কাৰ্যসূচী

0 2,015

১৯ অক্টোবৰৰ পৰা অসম চিকিৎসা সেৱা সন্থাই কৰি অহা দীৰ্ঘদিনীয়া  নাৰ্য্য প্ৰাপ্তিৰ দাবী আৰু অসম স্বাস্থ্য সেৱা খণ্ডৰ সর্বাত্মক উন্নতিৰ বাবে এই  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ওৰাঙত ৷চিকিৎসকৰ কেদাৰৰ পুনৰীক্ষণ আৰু পুননিয়োজনৰ ব্যৱস্থা কৰা* টাইম স্কেল পদোন্নতি ব্যৱস্থা কৰা স্বাস্থ্য খণ্ডৰ ক আৰু খ বিভাগৰ  দৰমহাৰ বৈষম্য দূৰ কৰাৰ লগতে দুখীয়া ৰাইজৰ স্বাৰ্থত গতিশীল কৰা* নতুন মেডিকেল কলেজ স্হাপনৰ নামত জিলা চিকিৎসালয় সমূহ বন্ধ নকৰি টাৰচিয়াৰী কেয়াৰ হস্পিটেলৈ ৰূপান্তৰ  কৰি  ৰোগীক সৰ্বোত্তম চিকিৎসা প্ৰদানৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক জ্ঞান অৰ্জনত অধিক সুবিধা প্ৰদান কৰাইত্যাদিৰ লগতে মুঠ ১১দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে ।এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে  ১৯ অক্টোবৰ ২০২১ ৰ  পৰা ০৩  নবেম্বৰ ২০২১ লৈ চলি চলি থাকিব ৷উক্ত সময়ছোৱাত ১৯ অক্টোবৰ পুৱা ৮ বজাৰ পৰা ১১ বজালৈকে বহিঃভাগৰ ৰোগী অৰ্থাৎ নতুনকৈ ভৰ্তি হ’ব বিচৰা ৰোগীক চিকিৎসা কৰাৰ পৰা বিৰতিত থাকিব চিকিৎসক সকল।  অহা ২২ , ২৭, ২৮ অক্টোবৰ  আৰু ১, ২, ৩ নবেম্বৰত  বহিঃভাগৰ ৰোগী অৰ্থাৎ নতুনকৈ ভৰ্তি হ’ব বিচৰা ৰোগীক চিকিৎসা কৰাৰ পৰা সম্পূৰ্ণ ৰূপে বিৰতিত থাকিব চিকিৎসক সকল । অৱশ্যে কোনো ৰোগীৰ জৰুৰীকালীন অৱস্থাত চিকিৎসা প্ৰদান কৰিব চিকিৎসক সকলে  ৷

Leave A Reply