Breaking

বাঘবৰৰ ভাতনাপাইতিত অংগনবাদী কেন্দ্ৰ কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ…

0 69

বাঘবৰৰ ভাতনাপাইতিত অংগনবাদী কেন্দ্ৰ কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ । বিভাগীয় কতৃপক্ষক লিখিত অভিযোগ দাখিল। বৰপেটাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৩৪৭ নং ভাতনাপাইতি হ’ক চৰ অঙ্গনাবাদী কেন্দ্ৰত দীৰ্ঘদিনৰে পৰা কেতবোৰ অনিয়ম চলি থকাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ ।

বিগত কেইবা মাহ ধৰি মন্দিয়া সংহত শিশু উন্নয়ন সেৱা আচনিৰ(৩৪৭) নং অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী স্বামৰ্ত ভানুৱে কণ-কণ শিশু সকলক খাদ্য বিতৰণ নকৰা আৰু পাঠদান নকৰাৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ। আনকি নৱ-গঠিত কমিটিৰ সভাপতি বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ অনিয়মৰে কৰাৰো অভিযোগ । এই সন্দৰ্ভত মন্দিয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াক এক লিখিত অভিযোগ দাখিল কৰা বুলিও প্ৰকাশ ।

কেন্দ্ৰটোত হঠাৎ কেতিয়াবাহে খাদ্য বিতৰণ কৰি বাকী দিনবোৰত খাদ্য খুওৱাৰ নজিৰ নাই বুলি অভিযোগ তুলি একাংশ শিক্ষাৰ্থীৰ অভিভাৱকে সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ । জিলা সমাজ কল্যাণ বিষয়াক তদন্ত সাপেক্ষে বিহিত ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Leave A Reply