Breaking

ডিঙিত মিঠাতেল,বিলাহী,বেঙেনা,জিকাৰ মালাপিন্ধি নাজিৰাৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

0 1,045

 অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাম্প্ৰতিক সময়ত বি জে পি নেতৃত্বাধীন চৰকাৰে সাধাৰণ জনতাক  নিঃশেষ কৰাৰ মানসেৰে যিদৰে পেট্ৰ’ল- ডিজেল- ৰন্ধন গেছ তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দৈনন্দিন বৃদ্ধি কৰাৰ প্ৰতিবাদত এক ধৰ্না কাৰ্যসূচী সমগ্ৰ অসমত গ্ৰহণ কৰিছে৷  নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সহযোগত  নাজিৰাৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিঙিত মিঠাতেল , জিকা , বিলাহী , বেঙেনাৰ মালাপিন্ধি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । আজি পুৱা ১০ বজাৰ পৰা ১২ বজালৈ সমষ্টিটোৰ অন্তৰ্গত আঠখেল জিলা পৰিষদ এলেকাৰ  গেলেকী চাৰিআলিত  মমী শইকীয়া; ইনামুল হুছেইন  ; আৰফান আজম , জোকতলি জিলা পৰিষদ এলেকাৰ মেকীপুৰত   সুভাষ বৰগোহাই; যোচেফ সিং; আইনু গগৈ;    নাজিৰা জিলা পৰিষদ এলেকাৰ  শিমলুগুৰি নগৰত  হেমন্ত শইকীয়া ; স্বপ্না শইকীয়া ; গোপাল গোহাঁই , প্ৰমীলা বড়া; উৎপল গোহাঁই ,   চুকাফা জিলাপৰিষদ এলেকাৰ বিহুবৰত অতুল হৰ; মায়া বাউৰী ; মঞ্জু বড়া ; অনুপল বৰুৱা ; ফাইজুল ৰহমান; জাকীৰ হুছেইন আৰু  নাজিৰা নগৰৰ লাহটী পেট্ৰ’ল পাম্পৰ সন্মুখত  মৃদুল বৰগোঁহাই , আব্দুল ৰহমান , মদন ৰয় , পৰশমণি কলিতা , অৰ্পূব বৰুৱাৰ নেৰ্তৃত্বত পুৰুষ – মহিলা , যুৱ , এন এছ ইউ আইৰ বিষয় – ববীয়া , কৰ্মী সকলে সমবেত হৈ ডিজেল – পেট্ৰ’ল , ৰন্ধন গেছ , নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক , নৰেন্দ্ৰ মোদী – হিমন্ত বিশ্ব শৰ্মা হায় হায় , বি জে পি গ’বেক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নাজিৰাৰ আকাশ – বতাহ । পিছত ব্লক কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা পেট্ৰ’ল – ডিজেল , ৰন্ধন গেছ , নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।                  

Leave A Reply