Breaking

চৰকাৰৰ বিৰোধী শ্ল’গানেৰে মহানগৰীত উত্তাল প্ৰতিবাদ

0 46

চৰকাৰৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ মহানগৰীত । গুৱাহাটী ক্লাৱত CITU ৰ প্ৰতিবাদ ।

বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ দুদিনীয়া দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত মহানগৰীত উত্তাল প্ৰতিবাদ ট্ৰেড ইউনিয়ৰ ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক কল -কাৰখানা, উদ্যোগ আদিৰ লগতে বেংক, ৰেল, জীৱন বীমা নিগম আদি লাভজনক ক্ষেত্ৰসমুহ ব্যক্তিগতকৰণ বন্ধৰ দাবীত কৃষক আৰু শ্ৰমিক সংগঠনসমুহৰ যৌথ মঞ্চৰ প্ৰতিবাদ ।

মহানগৰীৰ গুৱাহাটী ক্লাৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি । প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়েবিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জন বিৰোধী নীতি প্ৰত‍্যাহাৰৰ দাবী২৮ আৰু ২৯ মাৰ্চত দেশজোৰা ধৰ্মঘটৰ আংশিক প্ৰভাৱ মহানগৰীত ।কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চত এই কাৰ্য্যসূচী ।

Leave A Reply