Breaking

শ্ৰীলংকাৰ ৰাজধানী কলম্বোত আকৌ এবাৰ যুদ্ধক্ষেত্ৰৰ ৰূপ লৈছে প্ৰতিবাদে…

0 70

শ্ৰীলংকাৰ ৰাজধানী কলম্বোত আকৌ এবাৰ যুদ্ধক্ষেত্ৰৰ ৰূপ লৈছে প্ৰতিবাদে। কলম্বোৱে চৰকাৰ বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে দুজন ছাত্ৰ নেতাক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিছে ।শুকুৰবাৰে কলম্বোত নিৰাপত্তা বাহিনী আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। সেই সময়ত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ আৰু শূন্যলৈ গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

ইপিনে, শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকে চলিত অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ ৰূপায়ণৰ বাবে আহ্বান জনাইছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শুকুৰবাৰে দেশখনৰ ৰাজধানী কলম্বোত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ কৰ্মীৰ সৈতে সংঘৰ্ষ আৰম্ভ হয়। প্ৰতিবাদকাৰীসকলে শিলগুটি, ইটা দলিওৱাৰ পিছত আৰক্ষীয়ে প্ৰতিবাদ দমন কৰিবলৈ শূন্যলৈ গুলী চালনা কৰে। মুহূৰ্ততে গোটেই চহৰখন যুদ্ধক্ষেত্ৰত পৰিণত হয়।

তিনি মাহ পূৰ্বে, চৰকাৰ বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে শ্ৰীলংকাৰ আৰক্ষীয়ে দুজন ছাত্ৰ নেতাক আটক কৰি জিম্মাত লৈছিল। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ছাত্ৰ নেতা দুজনক তিনি মাহৰ কাৰাদণ্ড দিয়া হৈছিল।

কলম্বোৰ ছাত্ৰ ইউনিয়ন পৰিষদে অভিযোগ কৰে যে তেওঁলোকৰ কাৰদণ্ডৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো তেওঁলোকক মুকলি কৰা হোৱা নাই। ফলস্বৰূপে, শিক্ষাৰ্থীসকলে বেনাৰ আৰু প্লেকাৰ্ড লৈ আন্দোলনত নামে। প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে দুই ছাত্ৰনেতাক ৰনিল বিক্ৰমসিংহে চৰকাৰে বেআইনীভাৱে আটক কৰিছিল।

Leave A Reply