Breaking

বুধবাৰে চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবীত হৈ থকা প্ৰতিবাদে ভৰি দিলে ১৯ দিনত…

0 19

সদ্য ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত যোৱা ৩০ ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰগাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘটে আজি ১৯ দিনত ভৰি দিলে। প্ৰতিদিনে ভোগালী বিহুৰ আনন্দৰ মাজতো চিচিবৰগাঁৱৰ আকাশ বতাহ কঁপাই নিনাদিত হৈছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু মুৰ্দ্দাবাদ ধ্বনি । প্ৰতিদিনেই বেলেগ বেলেগ দল সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰকপত্ৰ । ১৯ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা চিচিবৰগাঁৱৰ ৰাইজৰ বিননী শুনিবলৈ এবাৰো আহৰি পোৱা নাই জিলা আয়ুক্ত‌ই। সেয়েহে উত্তেজিত হৈ পৰিছে চিচিবৰগাঁৱৰ সংগ্ৰামী ৰাইজ । প্ৰতিবাদত চিচিবৰগাঁও চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা অঞ্চলক প্ৰতিনিধিত্ব কৰি মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰে আৰু মাছখোৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি চিচিবৰগাঁও উপ-জিলা মুখ্য কাৰ্যালয় চিচিবৰগাঁৱতে স্থাপনৰ দাবী উত্থাপন কৰে আৰু চিচিবৰগাঁও পৰা আমগুৰি হৈ মাছখোৱা অহা-যোৱা কৰা গড়কাপ্তানী পথটি অতি শীঘ্ৰে নিৰ্মাণৰ দাবী উত্থাপন কৰে।


লগতে প্ৰতিবাদকাৰী সকলে ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত আন্দোলন আৰু অধিক ভয়াবহ হব বুলি সকীয়াই দিয়ে।

Leave A Reply