Breaking

নগৰবেৰাত শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত গঞাৰ সাহায্য বিচাৰি প্ৰতিবাদ…

0 9

ধুমুহা-শিলাবৃষ্টিয়ে নিমিষতে তচনচ কৰিলে কামৰূপৰ নগৰবেৰাৰ এখন গাঁও। প্ৰায় ২০০ পৰিয়াল গৃহহাৰা। উপায়বিহীন গঞাই ৰাজপথলৈ ওলাই আহি সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৱা ৰবিবাৰে নিশা প্ৰবল ধুমুহা শিলাবৃষ্টিয়ে বিধ্বস্ত কৰিলে নগৰবেৰাৰ মন্দিৰা এন.চি গাঁও৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে গাঁৱখনৰ দুখীয়া পৰিয়ালসমূহ৷

কিয়নো ঘৰৰ টিনপাতসমূহ ফাটি চিৰাচিৰ হোৱাৰ ফলত মুকলি আকাশৰ তলতে কটাব লগা হৈছে নিশা৷ আনকি আশ্ৰয় ল’বলৈও গাঁৱখনত সুৰক্ষিত অৱস্থাত নৰ’ল এটাও বাসগৃহ৷ ইপিনে শিলাবৃষ্টিৰ ফলত বিঘাই বিঘাই নষ্ট হৈছে কষ্টৰে কৰা খেতিদৰাও৷ যেন চাৰিওফালৰ পৰা ৰুষ্ট প্ৰকৃতিয়ে সৰ্বস্বান্ত কৰিলে গাঁৱবাসীক। যাৰ পৰিপেক্ষিতত আজি শ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সাব্যস্ত কৰে প্ৰতিবাদ৷

দুখীয়া ৰাইজক সহায় কৰক, হিমন্ত মামা আমাক ৰক্ষা কৰক, ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য দিয়ক, আমাক টিনপাত লাগে আদি বিভিন্ন শ্ল’গানেৰে সহায়ৰ দাবী জনাই ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় এই প্ৰতিবাদে গা লৰাবনে ৰজাঘৰীয়াৰ? শুনিবনে দুখীয়া ৰাইজৰ এই কাতৰ অনুৰোধ, পাবলৈ সক্ষম হ’বনে চৰকাৰী সঁহাৰি? ক’বই লাগিব চৰকাৰৰ সুদৃষ্টি অবিহনে আজি গাঁৱবাসী নিঠৰুৱা৷ আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত চৰকাৰ-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

Leave A Reply