Breaking

জৰুৰীকালীন যাতায়তৰ বাবে অনলাইন যোগেদি ই-পাছৰ সুবিধা প্ৰদান

0 2,079

সাম্প্ৰতিক ক’ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত যাতায়তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ সময়ছোৱাত চিকিৎসাজনিত সেৱাৰ বাবে, মৃতকৰ শেষকৃত্য তথা অন্যান্য জৰুৰীকালীন সময়ত কৰিবলগীয়া যাতায়তৰ বাবে জনসাধাৰণে ই-পাছৰ বাবে আবেদন কৰিব পাৰিব। ই-পাছ সংগ্ৰহৰ বাবে https://serviceonline.gov.in/directApply.do?serviceId=2023 লিংকটোত ক্লিক কৰি আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, ই-পাছৰ বাবে আবেদন কৰাৰ পাছত ই-পাছ পোনপটীয়াকৈ মোবাইল ফোনত মেছেজযোগে আবেদনকাৰীয়ে লাভ কৰিব পাৰিব। এতিয়াৰে পৰা জৰুৰীকালীন যাতায়তৰ অনুমতি লাভ কৰাৰ বাবে কোনো ব্যক্তিয়ে উপায়ুক্ত কাৰ্য্যালয়লৈ আহিব নালাগে। নিজ গৃহৰ পৰাই অনলাইন যোগেদি ই-পাছৰ বাবে আবেদন কৰিব পাৰিব।

Leave A Reply