Breaking

ডবকা নগৰৰ যান-জঁটৰ সমস্যাৰ সমাধান বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ৰাজহুৱা অভিযোগ

0 2,105

হোজাই জিলাৰ ডবকাত অবৈধ পাৰ্কিংৰ ফালতেই সঘনাই দুৰ্ঘটনা, সংঘাত, মাৰপিটৰ ঘটনা সংঘটিত হোৱাত হোজাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে দল সংগঠনে। ডবকা পৌৰসভা অঞ্চলত অনেক সমস্যাৰ লগতে ব্যৱস্থিত পাৰ্কিং ব্যৱস্থা নথকাত ৰাইজৰ লগতে পথচাৰিয়ে নিতৌ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ বিশেষকৈ ডবকা বজাৰত জধে-মধে গঢ়ি উঠা অবৈধ পাৰ্কিং আৰু অবৈধ বাছ আস্থানে সমস্যাটো তীব্রতৰ কৰি তুলিছে। সেয়েহে, ডবকা চহৰত ডবকা পৌৰসভাই ৰাইজৰ হিতাৰ্থে সুনিৰ্দিষ্ট ঠাইত আস্থানৰ ব্যৱস্থা কৰিলে নগৰখনৰ যানযঁটৰ সমস্যা ভালেখিনি উপশম হ’ব বুলি দাবী উত্থাপন হৈছে ৷ ডবকা নগৰ সমিতি এলেকাত থকা লংকা, ডিফু, হোজাই, নগাঁও বাছ আস্থানসমূহ প্ৰায় ৰাস্তাৰ ওপৰত কৰা হৈছে, নো পাৰ্কিং জনত গাড়ী ৰখাই গাড়ীত যাত্ৰী উঠা-নমা কৰোতে ৰাস্তাৰ ওপৰত আল্ট্ৰা বাছ ৰখাই যাত্ৰী উঠা-নমা কৰিব লাগে ৷ ই ৰাস্তাৰ ওপৰত যান-জঁট সৃষ্টিত অৰিহণা যোগাইছে ৷ বিশেষকৈ ডবকা চহৰৰ অতি ব্যস্ত ডবকা-হোজাই ৰোডৰ ওপৰত থকা বাছ আস্থানে এই সমস্যা গভীৰ কৰি তুলিছে, পৰ্যাপ্ত ভূমি নথকাত যাত্ৰীবাহী বাছ অতি ব্যস্ত ডবকা-হোজাই পথৰ ওপৰত ঘূৰাবলগীয়া হয়, যাৰ ফলত বহু সময় ৰাস্তাৰ ওপৰত অন্যান্য বাহনৰ লগতে ৰাইজে ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ ডবকা-ডিফু ৰোডটোও  ডবকাৰ অতি ব্যস্ত পথ ৷ পথছোৱা এনেই ঠেক আৰু সৰু ৷ অথচ অতি ব্যস্ত পথছোৱাৰ কাষত অপৰ্যাপ্ত ঠাইত ডিফু বাছ আস্থানটো গঢ়ি উঠাত যাতায়াত ব্যৱস্থা একেবাৰে নৰক সদৃশ হৈ পৰিছে ৷ ৰাস্তাৰ কাষত এই আস্থানটো গঢ়ি উঠাত পথৰ ওপৰত আল্ট্ৰা বাছ ৰখাই থয় ৷ ফলত সাধাৰণ মানুহৰ চলাচল যথেষ্ট কষ্টসাধ্য হৈ পৰিছে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, ডবকা নগৰত থকা বাছ কাউন্টাৰ ক্ৰমে হোজাই-লংকা, নগাঁও, ডবকা-ডিফু বাছ আস্থানসমূহৰ প্ৰয়োজনীয় বৈধ কোনো নথি-পত্ৰ নথকাৰো অভিযোগ উঠিছে ৷ লগতে বাছ এখন ৰখাবলৈ, যাত্ৰী উঠা-নমা কৰিবলৈ এই আস্থানসমূহৰ পৰ্যাপ্ত মাটিও নাই ৷ নাই ডবকা পৌৰসভাৰ কোনো আপত্তিবিহীন প্ৰমাণ-পত্ৰ আৰু ব্যৱসায়িক অনুজ্ঞা-পত্ৰ ৷ গতিকে কাৰ্বি আলং বাছ আস্থান আৰু হোজাই-লংকা বাছ আস্থানবোৰৰ নথি পত্ৰবোৰ জব্দ কৰি উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে একাংশ দল সংগঠনৰ লগতে ৰাইজে।ডবকা-ডিফু ৰাস্তাটোৰে নেহৰু জয়ন্তী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা সূতাৰগাঁও মধ্য ইংৰাজী মাদ্ৰাছালৈকে যোৱা পথছোৱাৰ দুয়োকাষৰ মাটি ক্ৰমান্বয়ে খহি পৰাত সচেতন ৰাইজে গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰিছে । ৰাস্তাৰ কাষৰ থিয় গৰা আৰু দ’ খাৱৈবোৰে ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা বহন কৰিছে। ৰাস্তাটোৰে নিতৌ চলাচল কৰা দ্ৰুতবেগী যান-বাহন, ডিফু, হোজাই, লংকা, নগাওঁ আদিৰ বাছবোৰ চলাচল কৰাত কাষেৰে ছাত্ৰ-ছাত্ৰী আৰু আন পথচাৰীসকলে ভয় আৰু শংকাৰ মাজেৰে অহা যোৱা কৰিবলগা হৈছে।  সেয়েহে, নাগৰিক জীৱনৰ সুৰক্ষাৰ্থে এই পথটোৰে যাত্ৰীবাহী বাছবোৰৰ লগতে গধুৰ বাহনৰ অহা যোৱা বন্ধ কৰি ডবকা চহৰৰ বাহিৰত কৰবাত সুব্যৱস্থিত ঠাইত পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ ৰাইজৰ লগতে একাংশ দল সংগঠনে অনুৰোধ জনাইছে ৷

Leave A Reply