Breaking

‘গোবর্ধন’ আঁচনিৰ সন্দৰ্ভত মত বিনিময় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

0 67

খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত আজি গোশালা আৰু দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্রতিনিধিসকলৰ সৈতে স্বচ্ছ ভাৰত অভিযান(গ্রামীণ)-ৰ অন্তর্গত ‘গোবর্ধন’ আঁচনিৰ সন্দৰ্ভত মত বিনিময় কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

গোবর্ধন (Galvanising Organic Bio-Agro Resource Dhan) প্রকল্প হৈছে গ্ৰাম্যাঞ্চলত গোবৰ আৰু গোটা কৃষিজনিত আবর্জনা (নৰা, তুঁহ, বিভিন্ন শস্যৰ অৱশিষ্ট আদি) প্রচেছিঙৰ দ্বাৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপৰিও শক্তি আৰু ধন আহৰণ কৰা৷

আবৰ্জনাৰ পৰা সম্পদ সৃষ্টিৰ ফলত পৰিৱেশো নির্মল হ’ব আৰু লগতে আর্থিক ভাবেও লাভবান হ’ব পৰা যাব বুলি কয় মন্ত্ৰী বৰুৱাই।

অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব Syedain Abbasi, স্বচ্ছ ভাৰত অভিযান(গ্রামীণ)-ৰ মিছন ডাইৰেক্টৰ বিক্রম কৈৰী, জলজীৱন মিছনৰ মিছন ডাইৰেক্টৰ কৈলাশ কার্তিক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব শ্রী দিগন্ত বৰুৱা, জনস্বাস্থ্য কাৰিকৰী (অনাময়) বিভাগৰ মুখ্য অভিযন্তা বিল্যা মংগল ৰয় তথা অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে৷

Leave A Reply