Breaking

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘জল জীৱন আঁচনি’ৰ নামত দুৰ্নীতিৰ অভিযোগ

0 2,079

বহলপুৰ বৰপাৰা প্ৰথম খণ্ড গাওঁত জল জীৱন আঁচনিৰ নামত ঠিকাদাৰে নিম্ন মানৰ কাম কৰি অহাৰ অভিযোগ সাধাৰণ ৰাইজৰ দুৰ্নীতিয়ে যেন আগুৰি ধৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগটোক গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী হয় আপোনি ঠিকেই শুনিছে অসম চৰকাৰৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসীপাৰা সংমণ্ডলৰ অধীনৰ বহলপুৰ বৰপাৰা প্ৰথম খণ্ড গাওঁত ৰাইজক ঘৰে ঘৰে যোগান ধৰা বিশুদ্ধ পাইপ পানী যোগান গৃহ সংযোগ  খোৱাপানীৰ নামত দুৰ্নীতিৰ অভিযোগ। আমি ধাৰাবাহিকভাৱে এই বিভাগটোৰ ওপৰত এটাৰ পিছত আন এটা দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ কৰি আহি আছো কিন্তু গভীৰ নিদ্ৰাত যেন শুই আছে বিভাগটোৰ বিষয়া কৰ্মচাৰী তথা বিভাগীয় মন্ত্ৰীয়ে। এইবাৰ এই দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত বৰপাৰা প্ৰথম খণ্ড গাওঁত (লালমাটি)ত।

ৰাইজৰ অভিযোগ মতে মুখ্য পাইপ টো চৰকাৰী নিৰ্দেশ মৰ্মে পুতিব লাগিছিল ৩ ফুট কিন্তু একাংশ দালাল ৰূপী ঠিকাদাৰে চৰকাৰী নিৰ্দেশনাক বুঢ়া আগুলি দেখুৱাই ১ ফুটৰ পৰা ১.৫ ফুট মান হে গাঁত খান্দি মুখ্য পাইপ ডাল পুতি থৈ দিয়ে । আনকি কোনো কোনো ঠাইত গাঁত খন্দা তো দূৰৰে কথা মাটিৰ ওপৰেদিয়ে সংযোগ কৰি গৈছে মুখ্য পাইপ ডাল।যাৰফলত যিকোনো মূহুৰ্তত ফাটি যাব পাৰে পাইপ ডাল এয়াই হৈছে অসম চৰকাৰৰ উন্নয়নমুলক কাম কাজৰ ফপোলা স্বৰুপ।আৰু লগতে অতি নিম্নমানৰ কাম হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। এতিয়া প্ৰশ্ন হয় কাৰ বলত বলীয়ান হৈ এই দালালৰূপী ঠিকাদাৰ গৰাকীয়ে কৰি গৈছে দুৰ্নীতি চৰকাৰে এই দালালৰূপী ঠিকাদাৰ বিলাকক নাকী লগাব পাৰিব নে? নে কেচু খান্দোতে সাপ ওলোৱাৰ ভয়ত এইবিলাক ঠিকাদ্বাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব!

Leave A Reply