Breaking

আটছা ওৰাং উপশাখাৰ উদ্যোগত ওৰাঙত ৰাজহুৱা কৰম পৰৱৰ আয়োজন ৷

0 2,031

আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ওৰাং উপশাখাৰ উদ্যোগত অহা ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে ওৰাঙৰ নিছিলামাৰী গাঁওত ওৰাং আঞ্চলিক ভিত্তিত ৰাজহুৱা কৰম উৎসৱৰ আয়োজন কৰা হৈছে ৷ এই উপলক্ষে যোৱা ১৫ ছেপ্তেম্বৰত নিছিলামাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আটছা ওদালগুৰি জিলা সমিতিৰ উপসভাপতি মণিৰাম মাহাতোৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷উক্ত সভাতে বলৰাম মুণ্ডাক সভাপতি,মামলু তাঁতি,সুভাষ মাহাতো, আৰু হিৰণ্য মাহাতোক উপসভাপতি,বিষ্ণু মাহাতোক কাৰ্যকৰী সভাপতি,বিজু মাহাতোক সম্পাদক ,অজিত মাহাতো আৰু বাসন্তী মাহাতোক সহকাৰী সম্পাদক আৰু দিপেন মাহাতোক সাংস্কৃতিক সম্পাদক ৰূপে লৈ ৰাজহুৱা কৰম উৎসৱ উদযাপন সমিতি খন গঠণ কৰা হয় ৷উক্ত সভাতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অতি দুখীয়া ঘৰৰ ছাত্ৰী ৰীতা মাহাতোক ওৰাং আঞ্চলিক অবিচি ব’ৰ্ডৰ তৰফৰ পৰা আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে ৰমেশ মাহাতো আৰু হেমন্ত কুমাৰ মাহাতোৱে দুহেজাৰ টকা আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷আনহাতেভাদমাহৰ শুক্লাএকাদশী তিথি ৷এই তিথিতেই পালন কৰা হয় চাহজনগোষ্ঠী- আদিবাসী সমাজৰ অতিকে আদৰৰ কৰম উৎসৱ ৷ওদালগুৰি জিলাৰ ওৰাং অঞ্চলতো  ১৭ ছেপ্তেম্বৰৰ পৰা  কৰম পৰৱৰ উদযাপন হৈ যায় ৷যোৱা ১৩ ছেপ্তেম্বৰৰ পৰাই কুমাৰী ছোৱালী সকলে নদীৰ পৰা নতুন বাহৰ ডলাত বালি তুলি আনি ডলাত মাটি মাহ,কুৰথী,মাকৈ আদি শস্য সিঁচি জাৱা উঠাই পুৱা সন্ধিয়া  জাৱাজাগৰণ গীত মাতেৰে মূখৰিত কৰিছে ওৰাং অঞ্চল ৷এই উপলক্ষে ওৰাঙৰ নিছিলামাৰী,চমুৱাগাঁও,গৰুবান্ধা,ৰৌমাৰী,ভোগদল,২নং শইকীয়া চুবুৰী,ভেলুগুৰি,মোৱামাৰী,বেঙেনাবাৰী,ফুহুৰাবাৰী আদি ৰাজহ গাওঁত এই পৰৱৰ ব্যাপক কাৰ্যসুচীৰে অনুষ্ঠিত কৰাৰ  লগতে  ১৮ ছেপ্তেম্বৰত বিসৰ্জন  অনুষ্ঠান সমুহ কৰা হয় ৷যোৱা বছৰত কৰ’ণা কালীন পৰিবেশৰ বাবে এই উৎসৱ পালন কৰিব পৰা নগৈছিল যদিও এইবেলি পৰিবেশ কিছু ভাললৈ অহাত কৃষি উৎসৱ এই কৰম পৰৱৰ পালনৰ বাবে ৰাইজৰ মাজত উচাহ উদ্দীপনাৰ লগতি ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে ৷

Leave A Reply