Breaking

কৃষকৰ প্ৰতিবাদত নয়ডা, দিল্লীত জনজীৱন ব্যাহত, তীব্ৰ যানজঁট…

0 15

দেশৰ বহু কৃষকে তেওঁলোকৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা আন মাটি বিচাৰি বুধবাৰৰৰ পৰাই নয়ডা আৰু গ্ৰেটাৰ নয়ডাত ‘কিষাণ মহাপঞ্চায়ত’ অনুষ্ঠিত কৰিছে। ফলত তীব্ৰ যানজঁটে দেখা দিছে দিল্লীত। আজিও কৃষকসকলে তেওঁলোকৰ আন্দোলন তীব্ৰতৰ কৰি তোলে। আনন্দোলনকাৰী কৃষকসকলে ঘোষণা কৰিছিল যে তেওঁলোকে সংসদলৈ যাত্ৰা কৰিব, যাৰ ফলত নয়ডা এক্সপ্ৰেছৱে আৰু দিল্লী সীমান্তত যান-বাহনৰ সমস্যা সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছিল।

আৰক্ষীয়ে এক্সপ্ৰেছৱে, উদ্যোগ মাৰ্গ, ডিএনডি ফ্লাইৱে আৰু চিল্লা সীমান্তৰ ওচৰত যাত্ৰীসকলৰ বাবে যান-বাহনৰ বিষয়ে কেইবাটাও পৰামৰ্শ জাৰি কৰিছে,। যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ জিলাখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে। কৃষকসকলে, সন্যুত কিষাণ মৰ্চা আৰু অখিল ভাৰতীয় কিষাণ সভাৰ বেনাৰত নয়ডা চেক্টৰ ২৪-ৰ এনটিচিপি কাৰ্যালয় আৰু গ্ৰেটাৰ নয়ডা ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ বাহিৰত একত্ৰিত হৈ আন্দোলন চলাই গৈছে।

Leave A Reply