Breaking

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকীত ৰন্ধন গেছ সংযোগৰ বাবে ৰাজহুৱা সভা সম্পন্ন

0 1,226

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকীবাসীৰ বাবে পাইপ লাইন যুক্ত ৰন্ধন গেছ যোগানৰ সিদ্ধান্ত দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ । দেশত সূৰ্য্য-দয়ৰে পৰা নৱৰত্ন উদ্যোগ অথবা বহুজাতিক কোম্পানী হিচাপে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন তথা আহৰণৰ সামান্তৰাল ভাৱে দেশবাসীৰ প্ৰতি থকা নিগমৰ অৱদান অটুলনীয় । থিক তাৰ মাজতে অ’এনজিচিৰ প্ৰদূষিত এলেকা হিচাপে চিহ্নিত হৈছে সীমান্তৱৰ্তী গেলেকী । বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনাৰ লগতে গেলেকীবাসী ৰাইজৰ বিপুল দাবীৰ প্ৰতি এইবাৰ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডে । যাৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ পৰা গেলেকীবাসী ৰাইজে পাইছে ঐতিহাসিক সঁহাৰি । ৰন্ধন গেছৰ সংযোগৰ সন্দৰ্ভত গেলেকীত ৰাজহুৱা সভাৰ আয়োজন । ১৫০ নং গেলেকী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত আয়োজিত সভাত সভাপতিত্ব কৰে সমাজকৰ্মী, জেষ্ঠ নাগৰিক ৰেকিবুল হুছেইন ডাঙৰীয়াই ।

সভাৰ উদ্দেশ্য বাখ্যা কৰে সমাজকৰ্মী, হাটিপতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ জেষ্ঠ শিক্ষক আব্দুল হেলিম ডাঙৰীয়াই । সভাত অ’এনজিচি নাজিৰা সংমণ্ডলৰ হৈ হেমেন্দ্ৰ কুমাৰ দাস, দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ হৈ মাৰ্কেটিং প্ৰজেক্ট মেনেজাৰ সুশান্ত কুমাৰ গোস্বামী, চুপাৰ ভাইজাৰ নিল কমল ডেকা, কো অৰ্ডিনেটৰ ধ্ৰুৱজ্যোতি সোণোৱাল, কো অৰ্ডিনেটৰ বলোৰাম শৰ্মাৰ লগতে স্থানীয় ব্যৱসায়ী দুৰ্গা প্ৰসাদ আগৰৱালা, মোক্তাৱ আলি ৰাজখোৱা উপস্থিত থাকি ৰাইজৰ সহযোগ বিচাৰে । সভাত যথেষ্ট ৰাইজ উপস্থিত আছিল । ইতিমধ্যে ৰাইজে বহু প্ৰত্যক্ষা-প্ৰচেষ্টাৰ অন্তত অসম গেছ কোম্পানীৰ অধীনত পাবলগা ৰন্ধন গেছ সংযোগৰ বাবে পঞ্জীয়নৰ কাম আৰম্ভ হৈছে । এতিয়া উদ্যোক্তাসকলে সংবাদ-মাধ্যমৰ জড়িয়তে গেলেকীবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছে।

প্ৰতিবেদন প্ৰেৰক ফাৰহান লস্কৰ, জয়সাগৰ

Leave A Reply