Breaking

অসম-অৰুণাচল সীমা সমস্যাক লৈ চিলি অসমীয়া গাঁৱত কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত ৰাজহুৱা সভা

0 67

অসম-অৰুণাচল সীমা সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা। দুয়ো ৰাজ্যৰ সীমাক লৈ সময়ে সময়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী ৰাইজৰ মাজত সংঘাতৰ প্ৰায়েই সৃষ্টি হৈ আহিছে। সীমা সমস্যা সন্দৰ্ভত দুয়ো ৰাজ্যৰ মাজত হোৱা নামচাই আলোচনাৰ পিছত শঙ্কাত দিন অতিবাহিত কৰিবলগীয়া হৈছে এতিয়া সীমান্তত বসবাস কৰি থকা অসমীয়া ৰাইজে। সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰি সীমান্তবাসী অসমীয়া ৰাইজৰ নিৰাপত্তাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ উদ্দেশ্যে আজি সীমান্তৱৰ্তী চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলি অসমীয়া গাঁৱৰ আদৰ্শ বৰনামঘৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

বিশিষ্ট সমাজকৰ্মী সুৰেন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় যুৱক ৰিতুপৰ্ণ চুতীয়াই। সদৌ চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, গোর্খা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা আদি বহু কেইটা ছাত্ৰ সংগঠনৰ উদ্যোগত আৰু চিলি অসমীয়া গাওঁবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত সভাখনত আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, জিলা উপ সভাপতি পবিত্ৰ মহকুমা প্ৰতিনিধি কিৰন বৰুৱা, ধীৰেন গগৈ, দিপক বৰুৱা, ধেমাজি জিলা আটাছুৰ সভাপতি বাবুল বুঢ়াগোহাঁই, ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাস, উপ সভাপতি দেৱ কলিতা, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সম্পাদক চন্দন কছাৰী, আগছুৰ ধেমাজি জিলাৰ সভাপতি চমৰাজ পুৰি, আটাছুৰ দীপক ফুকন, স্থানীয় যুৱক ধৰ্মেন্দ্ৰ বৰগোহাঁই আদি বহু লোক উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

অসমৰ এই ইঞ্চি মাটি অৰুণাচল প্ৰদেশক এৰি দিয়া নহব বুলি মন্তব্য কৰি বাতানুকুল কোঠাত এলেকা এৰি দিয়া নিদিয়াৰ ওপৰত আলোচনা কৰাৰ পৰিৱৰ্তে সীমান্তলৰ ৰাইজৰ জ্ঞাতাৰ্থে আলোচনা কৰি সীমা সমস্যা সমাধানৰ দাবী জনায়। সভাত পাচ শতাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply