Breaking

ডিব্ৰুগড় বৃহত্তৰ আৰু সৰ্বাঙ্গীন পৰিকল্পনা ২০৪৫ সন্দৰ্ভত ৰাজহুৱা সভা

0 566

ডিব্ৰুগড় নিজমানকটা গাঁৱৰ সোনোৱাল কছাৰী সাংস্কৃতিক ভৱনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। গৃহনিৰ্মাণ নগৰ পৰিক্ৰমা বিভাগ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ আৰু নগৰ গাঁও পৰিকল্পনা বিভাগ ডিব্ৰুগড়ৰ উদ্যোগত আৰু নিজমানকটা গাঁও পঞ্চায়তৰ সৌজন্যত প্ৰধান মন্ত্ৰী আবাস যোজনা ডিব্ৰুগড় বৃহত্তৰ আৰু সৰ্বাঙ্গীন পৰিকল্পনা ২০৪৫ সন্দৰ্ভত বিষদ আলোচনাৰ বাবে শনিবাৰে এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ অসীম হাজৰিকাই সভাপতিত্ব কৰা এই সভাত নিজমানকটা গাঁও পঞ্চায়তৰ সভানেত্ৰি দিপামণি হাজৰিকাই হিতাধিকাৰী সকলৰ উদ্দেশ্যে আদৰণি সম্ভাষন জনোৱা পৰিলক্ষিত হয়।

উক্ত সভাত জিলা পৰিষদৰ উপ-সভানেত্ৰি পুষ্পাঞ্জলি সোণোৱালকে আদি কৰি ভাৰতীয় জনতা পাৰ্টীৰ কেইবাতা মণ্ডলৰ বিষয়ববীয়া আৰু বহু কেইজন বিজেপিৰ জ্যেষ্ঠ ব্যক্তি উপস্থিত থকাৰ লগতে সহস্ৰাধিক ৰাইজৰ উপস্থিতত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। আনহাতে যি সকল হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহৰ দ্বিতীয় কিস্তি লাভ কৰিছে সেই সকলক অতি শীঘ্ৰে নিজৰ গৃহ নিৰ্মান কৰি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনালে নগৰ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ গৰাকীয়ে।

Leave A Reply