Breaking

জনপ্ৰতিনিধি-চৰকাৰৰ বঞ্চনাঃ ৰিজ’লোচন একাডেমীয়ে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

0 41

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনা আৰু প্ৰতাৰণাই ধেমাজি জিলাৰ গোগামুখবাসীক অতিষ্ঠ কৰি তুলিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা চৰকাৰ আৰু জনপ্ৰতিনিধি সমূহৰ নীতিৰ বাবে বহু শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ প্ৰাপ্ত অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ৷ চৰকাৰ-জনপ্ৰতিনিধিৰ এনে নীতিৰ অন্যতম সাক্ষী হৈছে উত্তৰ অসমৰ ব্যক্তিগতখণ্ডৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ ৰিজ’লোচন একাডেমী ৷

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে বঞ্চনা আৰু পক্ষপাতিত্বত অতিষ্ঠ হৈ গোগামুখ ৰিজ’লোচন একাডেমীয়ে তেওঁলোকৰ ৰিজ’লোচন ট্ৰাষ্টৰ টকাৰে লাখ টকা খৰচ কৰি ডেৰ কিলোমিটাৰ জৰাজীৰ্ণ পথ মেৰামতি কৰে ৷ উল্লেখনীয় যে, ২২ নং গোগামুখ-ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ পৰা মিছন বালিগাঁও হৈ উত্তৰ অসমৰ লেখত ল’বলগা ব্যক্তিগত খণ্ডৰ বিদ্যালয় গোগামুখ ৰিজ’লোচন একাডেমী আৰু পূৱ বালিগাঁৱলৈ ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পথটো গোগামুখৰ অতি গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত ৷

ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ এই পথেৰেই গোগামুখৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান তথা বহু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানলৈ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে শ শ সাধাৰণ লোক নিতৌ অহা-যোৱা কৰে ৷ ৰিজ’লোচন একাডমীৰ পৰিয়ালে পথটো মেৰামতিৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধি সকলক দীৰ্ঘদিনে অনুৰোধ কৰি আহিছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদকো বিষয়টো কৰ্ণগোচৰ কৰিছিল ৷ মিচিং স্বায়ত্তশাসিত পৰিষদে বহু বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত বহু আঁচনি ৰূপায়ণ কৰিলে যদিও পৰিষদৰ নিচেই কাষত থকা ৰিজ’লোচন একাডেমীত পৰিষদৰ আঁচনিয়ে স্পৰ্শ নকৰাটো দুখৰ বিষয় হিচাপে চিহ্নিত হৈছে ৷ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে পক্ষপাতিত্ব আৰু অন্যায়ৰ বাবে ৰিজ’লোচন একাডেমীৰ পৰিয়ালে দুখন জে চি বি, এখন ৰোলাৰ, দুখন ট্ৰেক্টৰ, দুখন ডাম্পাৰ লগাই জৰাজীৰ্ণ পথচোৱা মেৰামতি কৰে ৷ইয়াত সহযোগ কৰে ৰিজ’লোচন একাডেমীৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ ৰিজ’লোচন একাডেমীৰ এই দায়বদ্ধশীল ৰাজহুৱা কামৰ বাবে একাডেমীৰ পৰিয়ালক গোগামুখবাসীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক ধিক্কাৰ দিছে ৷

Leave A Reply