Breaking

ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে…

0 25

ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে

পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে পদত্যাগ কৰিলে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুলৈ লিখা পদত্যাগ পত্ৰত পুৰোহিতে কয় যে ব্যক্তিগত কাৰণত আৰু আন কিছুমান বাধ্যতামূলক কাৰণত তেওঁ পদত্যাগ কৰিবলৈ ইচ্ছুক। বনৱাৰীলাল পুৰোহিতে তেওঁৰ আবেদন মঞ্জুৰ কৰিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে। বিশেষ সূত্ৰই দাবী কৰা অনুসৰি পুৰোহিতৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিভিন্ন বিষয়ত সংঘাত চলি আছে।

পঞ্জাৱৰ চৰকাৰে দাবী কৰি আহিছে যে ৰাজ্যপালে বহু প্ৰয়োজনীয় বিধেয়ক গৃহীত কৰাত পলম কৰিছে । বিষয়টো আনকি উচ্চতম ন্যায়ালয়লৈ গৈছিল। বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে পঞ্জাৱ চৰকাৰে দাখিল কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল। ইউচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যখনৰ মুৰব্বী হিচাপে এজন ৰাজ্যপালে কোনো কাৰণতে এখন বিধেয়কত স্বাক্ষৰ কৰাত পলম কৰিব নোৱাৰে।

এইবুলিও কোৱা হৈছিল যে তেওঁ বিধেয়কখন ৰখাই থোৱাৰ বাবে সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।কেইদিনমান পূৰ্বে বিজেপিয়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিপুল বিজয় লাভ কৰিছিল। বিজেপিৰ এনে বিজয়ৰ পিছত বনৱাৰীলালে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল। তাৰ পিছতে পুৰোহিতে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply