Breaking

পূণ্যময়ী বৰাৰ কবিতা পুথি “স্নৃতিপট” উন্মোচন

0 89

যোৰহাটৰ চেনিজান অঞ্চলৰ ১৬৭ নং হাতীচুঙী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৭ ডিচেম্বৰত অনুষ্ঠিত মুকলি সভাত স্হানীয় এগৰাকী প্ৰচাৰ বিমুখ সু- কবি প্ৰয়াত পূণ্যময়ী বৰাৰ স্বৰচিত কবিতাৰ একত্ৰ সংকলন ” স্মৃতিপট “উন্মোচন কৰা হয়।

প্ৰয়াত পূণ্যময়ী বৰাৰ কন্যা গীতামণি বৰাই সম্পাদনা কৰা আৰু যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ হৈ পংকজ কুমাৰ দাসে প্ৰকাশ কৰা কবিতা পুথি “স্মৃতিপট” উন্মোচন কৰে যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মহাশ্বেতা দেৱীয়ে। সভাত যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণ্ময় গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।

Leave A Reply